Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Questions Raised By The Peasant Movement:কৃষক আন্দোলনে উত্থাপন কৰা প্রশ্নবোৰ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
February 26, 2024
in Assam, India, News
Reading Time: 5 mins read
0
Protesting Farmers In India Suspended Delhi Chalo March For Two Days:দুদিনৰ বাবে স্থগিত কৃষক দিল্লী চলো যাত্ৰা !
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

Questions Raised By The Peasant Movement:কৃষক আন্দোলনে উত্থাপন কৰা প্রশ্নবোৰ

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

চলিত মাহত পুনৰ আৰম্ভ হোৱা কৃষক আন্দোলনে আজিৰ ‘নতুন ভাৰত’ত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ৰেক কৰিছে। এইবোৰৰ ভিতৰত আটাইতকৈ মৌলিক প্রশ্নটো হৈছে- বিজেপি চৰকাৰ যিকোনো ধৰণৰ আন্দোলনৰ প্রতি ইমান অসহিষ্ণু হৈ উঠিছে কিয়? যিখন দেশৰ জন্মই হৈছিল সুদীর্ঘ আন্দোলনৰ ফলশ্রুতিত, সেইখন ভাৰতত দেশৰ অন্নদাতা আখ্যা দিয়া কৃষকসকলৰ আন্দোলনক লৈ ইমান অসহিষ্ণুতা
কিয়? গণতান্ত্রিকভাবে নির্বাচিত এখন চৰকাৰে এনেদৰে গণ আন্দোলন এটাক প্ৰতিৰোধ কৰিবলৈ কিমান পর্যায়লৈ শক্তি প্রয়োগ কৰিব পাৰে সিও বিচার্য।

কৃষি উৎপাদনত ন্যূনতম সমর্থিত মূল্য (এমএছপি) ৰ আইনগত নিশ্চিতি প্রদানকে ধৰি আন কে’বাটাও দাবী পূৰণৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ দিল্লী চলো কার্যসূচী গ্রহণ কৰি দেশৰ ৰাজধানী অভিমুখে অগ্ৰসৰ হোৱা ঘাইকৈ পঞ্জাৱৰ কৃষকসকলৰ সমুখত যি দুর্লংঘ্য প্রতিৰোধ ব্যবস্থা গঢ়ি তোলা হৈছে, তাক দেখি কৃষকসকলে ক’বলৈ বাধ্য হৈছে- তেওঁলোক চীনা বা পাকিস্তানী শত্রু নহয় বৰঞ্চ এই দেশৰে কৃষক।

কৃষকৰ আন্দোলনে বিভিন্ন মহলৰ ব্যাপক সমর্থন লাভ কৰিলেও তেওঁলোকৰ ন্যূনতম সমর্থিত মূল্যৰ দাবীক লৈ একাংশ বিশেষজ্ঞই দ্বিমত প্রকাশ নকৰাকৈ থকা নাই। ভাৰতত ১৯৬০ৰ দশকতে এমএছপিৰ ধাৰণা গঢ় লৈ উঠিছিল। পর্যাপ্ত খাদ্যশস্যৰ অভাৱৰ পৰিপ্ৰেক্ষিতত কৃষকক অধিক উৎপাদনৰ বাবে উৎসাহিত কৰিবলৈ ১৯৬৪-৬৫ত প্রথমে প্রতি কুইণ্টল ধানত ৩৩.৫০ টকাৰ পৰা ৩৯ টকা এমএছপি ধার্য কৰা হৈছিল। তেনেদৰে ১৯৬৬-৬৭ ত ঘেঁহৰ প্রতি কুইণ্টলত ৫৪ টকা এমএছপি আদায় দিয়া হৈছিল। চৰকাৰী পক্ষৰ মতে সম্প্রতি ভাৰত খাদ্যশস্য উৎপাদনত স্বনির্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত এমএছপি ব্যৱস্থাৰ প্ৰয়োজন নাই। এই ব্যৱস্থা চিৰকালৰ বাবে চলি থাকিব নোৱাৰে বুলিও তেওঁলোকে যুক্তি দাঙি ধৰে।

চৰকাৰী তথ্য অনুসৰি ২০২১-২২ৰ পূৰ্বৰ তিনি বছৰত এমএছপিৰ অধীনত ১৩৪০ লাখ টন খাদ্য শস্য চৰকাৰী সংস্থাসমূহে ক্ৰয় কৰিছে আৰু ইয়াৰ বাবদ ২.৭৫ লাখ কোটি টকা ব্যয় হৈছে। এনেদৰে প্রয়োজনতকৈ অধিক পৰিমাণৰ খাদ্যশস্য ক্রয় কৰাৰ ফলস্বৰূপে সেইবোৰ মজুত কৰাৰ উপযুক্ত স্থানৰ অভাৱত বহু পৰিমাণৰ খাদ্য নষ্ট হৈ যায় প্রতিবছৰে। এই প্রসংগতে এই কথা উনুকিয়াব পাৰি যে কিছুবছৰ আগলৈ ভাৰত খাদ্যশস্য উৎপাদনত স্বাবলম্বী নাছিল আৰু সেয়ে বিদেশৰ পৰা খাদ্য আমদানি কৰিবলগীয়া হোবা হেতুকে বৃহৎ পৰিমাণৰ ধন প্ৰতিবছৰে ওলাই গৈছিল।

কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতে দেশ আজি খাদ্যশস্য উৎপাদনত স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলৰ অৱদানেই অধিক। প্রকৃততে ভাৰত চৰকাৰে ২৩ বিধ কৃষি উৎপাদনত এমএছপি নির্ধাৰণ কৰিছে যদিও কেবল ধান আৰু ঘেঁহুহে চৰকাৰীভাবে ক্ৰয় কৰি আহিছে। সেই বাবেই কৃষকে এইক্ষেত্ৰত আইন প্রণয়নৰ দাবী উত্থাপন কৰিছে। অকল সেয়ে নহয়, দেশৰ মাত্র ১০ শতাংশ কৃষকেহে এমএছপিত খাদ্যশস্য বিক্ৰীৰ সুযোগ লাভ কৰিছে।

যি ২৩ বিধ খাদ্যশস্যত চৰকাবে এমএছপি ধার্য কৰি থৈছে, সেয়া দেশৰ সৰ্বমুঠ কৃষি উৎপাদনৰ মাত্র ২৭.৮ শতাংশহে। তদুপৰি এমএছপিত ধান আৰু ঘেঁই ক্রয় কৰা হয় পন্থাৰ-হাৰিয়ানাকে ধৰি মাত্র সাতখন ৰাজ্যতহে। ২৩ বিধ খাদ্যশস্যত এমএছপিৰ গেৰান্টি দিলেহে কৃষিক্ষেত্রলৈ বৈচিত্র্য আহিব আৰু তেতিয়া কৃষকসকলে অন্যান্য খেতি কৰিবলৈ উৎসাহিত হ’ব।

আনহাতে, অত্যধিক পৰিমাণৰ ধন আক ঘেঁহু ক্রয় কৰি মজুত কৰাৰ লগতে উপযুক্ত স্থানৰ অভাৱত ভূগিব লগা নহ’ব। চৰকাৰী মহলৰ একাশেই এমএছপি দি কৃষকক ৰাজসাহায্য প্রদানৰ ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে যদিও আইচিডিৰ এক প্রতিবেদনৰ তথ্য অনুসৰি যোৱা ২০২২ত উৎপাদিত খাদ্য শস্যৰ যথোচিত মূল্য লাভ নকৰা হেতুকে দেশৰ কৃষকে ১৪ লাখ কোটি টকাৰ লোকচান ভৰিবলগীয়া হয়। অর্থাৎ কৃষকেহে দেশবাসীক ৰাজসাহায্য প্রদান কৰি আহিছে।

এই কথা ইতিমধ্যে প্রকাশ পাইছে যে ২৩ বিধ কৃষি উৎপাদনত এমএছপি বিচৰাৰ বিপৰীতে কেন্দ্রীয় চৰকাৰৰ মন্ত্রীগোটে দাইল, সৰিয়হ, কুঁহিয়াৰ আৰু কপাহৰ উৎপাদন কৰিলে পাঁচ বছৰলৈ চৰকাৰী সংস্থাসমূহে সেই শস্য এমএছপিত ক্রয় কৰিব বুলি আন্দোলনকাৰী কৃষক সংগঠনসমূহৰ নেতৃত্বক প্রস্তাব দিছে। অৱশ্যে কৃষকসকলে এই প্রস্তাবত তেওঁলোকৰ কোনো লাভালাভ নেদেখি তাক নাকচ কৰাই নহয়, আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। ফলত দুয়োপক্ষৰ মাজত সংঘাত বৃদ্ধি হৈছে। ইতিমধ্যে দুজন কৃষকে এই আন্দোলনত প্রাণ হেৰুৱাইছে। ইয়াৰে এজন গুলিবিদ্ধ হোৱাৰ বিপৰীতে আনজন অসুস্থ হৈ মৃত্যুমুখত পৰিছে।

ইয়াৰ পূর্বেও ২০২০ ত কেন্দ্রীয় চৰকাৰে তিনিখন বিতর্কিত কৃষি আইন গৃহীত কৰাক লৈও একে পৰিস্থিতিৰ উদ্ভব হৈছিল। প্রতিবাদ জনাবলৈ দিল্লী অভিমুখে অগ্ৰসৰ হোৱা পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান আদিৰ কৃষকসকলক ৰাজধানীৰ সীমান্ত অঞ্চলত বাধাদান কৰা হৈছিল। দিল্লীৰ প্রৱেশপথ সমূহত বৃহৎ বৃহৎ গাঁত খান্দি, পথত কংক্রিটৰ বিশাল দেৱাল গাঁথি, কৃষকৰ ট্রেক্টৰ অথবা যিকোনো ধৰণৰ বাহন পাৰ হ’ব নোৱৰাকৈ গজাল আৰু লোৰ শলখা পুতি থোৱা হৈছিল। লগতে হেজাৰ হেজাৰ নিৰাপত্তাৰক্ষী জোৱান নিয়োগ কৰা হৈছিল। মুঠতে এক ভয়াৱহ সমৰসজ্জা। বিদেশী শত্রুৰ স’তে যুঁজ দিবলৈও ভাৰতে এনে বিশাল প্রতিৰোধ গঢ়ি তোলাৰ দৃষ্টান্ত ইয়াব পূর্বে নাছিল; কিন্তু সেই সময়ছোৱাত ৰ’দ-বৰষুণ, দিন-ৰাতি, ক’ভিড আদি বিভিন্ন প্রত্যাহ্বানৰ মাজতো আন্দোলন অব্যাহত ৰাখি কৃষকসকলে দিল্লীৰ সীমান্ততে অৱস্থান কৰি ৰয়।

সুদীর্ঘ এবছৰ চাৰি মাহৰ অধিক কাল ধৰি অব্যাহত থকা এই আন্দোলনৰ ওচৰত সেও মানি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অবশেষত ২০২১ৰ ২১ নৱেম্বৰত উক্ত তিনিওখন ‘কৃষক বিৰোধী’ আইন বাতিলব সিদ্ধান্ত ঘোষণা কৰে। সেই বছৰৰে সংসদৰ শীতকালীন অধিবেশনত তিনিওখন আইন বাতিল কৰা হয়। ২০২২ত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নির্বাচনত শাসক দল ক্ষতিৰ সম্মুখীন হোৱাৰ আশংকাতে চৰকাৰে কৃষক সমাজৰ ওচৰত সেও মানিবলৈ বাধ্য হোৱা বুলি চর্চিত হয়।

সেই সময়তে কৃষি উৎপাদনত এমএছপিৰ বিষয়টো ইতিবাচকভাবে বিবেচনা উদ্দেশ্যে এখন কমিটি গঠনৰ কথাও চৰকাৰে ঘোষণা কৰিছিল ।

কিন্তু চৰকাৰী পৰম্পৰা অক্ষুন্ন বাখি সেই কনিটাতে আজি পর্যন্ত বিষয়টোক কোনো সিদ্ধান্ত দিব নোৱাৰিলে। ফলস্বৰূপে কৃষক সংগঠনে পুনৰ দিল্লী চলো অভিযান ঘোষণা কৰে। কৃষকৰ এই আন্দোলন ঘোষণাৰ লগে লগে দিল্লী সীমান্তত পূর্বতকৈও অধিক ভয়াবহ সমৰসজ্জা গঢ়ি তোলে চৰকাৰে।

আনকি পঞ্জাবৰ পৰা যাতে কোনো কৃষকে প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবে হাৰিয়ানা সীমান্ততো নিশ্ছিদ্র নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলক পৃষ্ঠভংগ দিয়াবলৈ কিদৰে হেজাৰ হেজাৰ কন্দুৱা গেছ প্রয়োগ কৰাৰ লগতে লাঠি-গুলিচালনা কৰা হৈছে, সেই বিষয়ে প্রকাশ পাইছে। তেতিয়াৰে পৰা দুই পক্ষৰ মাজত উত্তেজনা সৃষ্টি হৈ আহিছে । সবাতোকৈ দুর্ভাগ্যজনক বিষয়টো হৈছে কৃষকসকলক শত্ৰু ৰূপে গণ্য কৰাৰ শাসক পক্ষৰ অপ্ৰচেষ্টা ।

গণতান্ত্রিক দেশত নিজৰ প্ৰাপ্য আদায় অথবা নিজৰ দাবী চৰকাৰৰ সমুখত দাঙি ধৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে আছে। কিন্তু বৰ্তমানৰ চৰকাৰৰ কার্যকালত যিকোনো প্রতিবাদী আন্দোলনক ঘৃণাৰ পাত্ৰ কৰি তোলাৰ অহৰহ চেষ্টা চলোৱা হৈ আহিছে। কি কেন্দ্র কি ৰাজ্য, বিজেপি চৰকাৰে চলে-বলে-কৌশলে প্রতিবাদী আন্দোলনক বাধা দিছে আৰু তাক চৰকাৰৰ সাফল্যৰূপে প্রদর্শন কৰাৰ বাবে তৎপৰ হৈ আহিছে।

ক্ষমতাধিষ্ঠিত বিজেপি নেতাসকলে এই কথা পাহৰি গৈছে যে এই দলৰ উত্থানব আঁৰতেই আছে দীর্ঘদিনীয়া আন্দোলন। গণ আন্দোলনে গণতান্ত্রিক পৰম্পৰাক শক্তিশালী কৰাৰ বিপৰীতে ইয়াক শক্তি প্রয়োগৰে প্ৰতিৰোধ অথবা আওকাণ কৰিব বিচাৰিলে সি স্বেচ্ছাচাৰিতাৰহে ইংগিত দিয়ে।

প্রণিধানযোগ্য যে যোৱা ২০২০ৰ ছেপ্টেম্বৰত কৃষক সংগঠনসমূহৰ কোনো ধৰণৰ মতামত গ্রহণ নকৰাকৈয়ে প্রস্তুত কৰা কৃষি আইন তিনিখন সংসদতো আলোচনা অবিহনেই গৃহীত কৰা হৈছিল; কিন্তু এবছৰ চাৰিমাহজোৰা কৃষক আন্দোলনৰ ফলশ্রুতিত চৰকাৰে তাক বাতিল কৰিবলগীয়া হৈছিল। দেশৰ স্বয়ং কৃষকসকলেই নিবিচৰা কৃষি আইন ফলপ্রসূ হ’ব বুলি আশা কৰিব পাৰিনে?

কৃষকৰ সুদীর্ঘ আৰু দৃঢ় আন্দোলন অবিহনে সেই আইন তিনিখন চৰকাৰে বাতিল ৰ কৰিবলৈ সম্মত হ’লহেঁতেন নে ? এই প্রসংগতে শেহতীয়া আন এটি ঘটনাৰ বিষয়ে উল্লেখ কৰিব পাৰি। অলপতে উত্তৰ প্রদেশত ৬৭ হেজাৰ আৰক্ষী জোৱানৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। লাখ লাখ প্রার্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাৰ প্রশ্নকাকত পৰীক্ষাৰ পূর্বেই ফাদিল হোৱা বুলি প্রকাশ পায়।

প্রথম অৱস্থাত চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক অস্বীকাৰ কৰে; কিন্তু ৰাজ্যৰ লক্ষ লক্ষ প্রার্থীয়ে পৰীক্ষা বাতিলৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ যাৱতীয় তথ্য প্রমাণ কর্তৃপক্ষক দাখিল কৰে। অৱশেষত এই প্রতিবাদৰ ওচৰত সেও মানি আৰু নিজৰ ভুল স্বীকাৰ কৰি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে পৰীক্ষা বাতিলৰ ঘোষণা কৰে।

লগতে অহা ছমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত আন কৰাৰ আশ্বাস দিয়ে। চৰকাৰে সেও নমনাৰ আগলৈকে এই আন্দোলনকো নস্যাৎ কৰা হৈছিল। ইয়াৰ আঁৰত ৰাজনৈতিক উদ্দেশ্যৰে অবশেষত একেখন চৰকাৰেই পৰীক্ষা বাতিলৰ সিদ্ধান্ত ঘোষণা কৰিলে। গতিকে বিজেপি উত্তৰ প্ৰদেশ চৰকাৰে গণ আন্দোলন বিলাকক নস্যাৎ কৰিবলৈ উঠিপৰি লগাৰ আঁৰত যে ক্ষমতাৰ নিচাইহে ক্ৰিয়া কৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

চৰকাৰে আন্দোলনকাৰী কৃষকসকলক চৌদিশৰ পৰা ধৰাশায়ী কৰিবলৈ উঠিপৰি লাগিছে। আন্দোলন দুর্বল কৰাৰ উদ্দেশ্যেই পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু অঞ্চলত এপষেক ধৰি ইন্টাৰনেট সেৱা বন্ধ কৰি থৈছে। উত্তেজনাপূর্ণ পৰিস্থিতিলৈ – লক্ষ্য ৰাখি উৰা বাতৰি প্ৰচাৰ ৰোধ আৰু শান্তি-শৃংখলা বাহাল ৰখাৰ উদ্দেশ্যে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰা হৈছে বুলি চৰকাৰী নিৰ্দেশত উল্লেখ কৰা হৈছে।

হাৰিয়ানাত ৰাজ্যৰ বিজেপি চৰকাৰে এনে পদক্ষেপ হাতত লোৱাৰ বিপৰীতে পঞ্জাৱৰ ই কমেও সাতখন জিলাত ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে কে’বাশ ছ’চিয়েল মিডিয়া একাউন্ট আৰু ৱেবছাইটো বন্ধ কৰি দিছে।

লক্ষ্যণীয়ভাবে দেশত সকলো ধৰণৰ বিত্তীয় লেনদেনকে ধৰি অন্যান্য চৰকাৰী-বেচৰকাৰী কাম-কাজত ডিজিটেল মাধ্যম ব্যৱহাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ লগতে এইক্ষেত্ৰত ব্যাপক সাফল্য লাভ কৰা বুলি দাবী কৰি অহা চৰকাৰৰ কার্যকালতে এই দেশত বিশ্বৰ ভিতৰতে সর্বাধিক সময় ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে।

এই সম্পর্কীয় তথ্য সংগ্রহ আৰু বিশ্লেষণকাৰী সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১২ৰ পাছত উপলব্ধ তথ্য অনুসৰি ভাৰতৰ ভিন ভিন অঞ্চলত ৮০৫ বাৰৰো অধিক ইণ্টাৰনেট বন্ধ কৰা হৈছে। ইয়াৰে সৰ্বাধিক জম্মু-কাশ্মীৰত ৪৩৩ বাৰ, ৰাজস্থানত এশবাৰ, মণিপুৰত ৪৫ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। ইয়াৰ পাছতে ক্রমে হাৰিয়ানাত ৩৭, উত্তৰ প্ৰদেশত ৩৩ আৰু বিহাৰত ২১ বাব চৰকাৰে এনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ বিপৰীতে দাক্ষিণাত্যৰ কেৰালাত চৰকাৰে এবাৰলৈও ইণ্টাৰনেট বন্ধ কৰা নাই।

তামিলনাডু, অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকত মাত্ৰ এবাৰকৈহে এনে ঘটনা ঘটিছে। এই পর্যন্ত কাশ্মীৰত সৰ্বাধিক ৫৫২ দিন আৰু মণিপুৰত দুশ দিন ইণ্টাৰনেট বন্ধ ৰখা হৈছে। এনে প্রতিবন্ধকতা এই দুয়োখন ৰাজ্যতে এতিয়াও যিকোনো মুহূর্ততে বলবৎ হোৱাৰ শংকা আছে। ২০১২ত দেশত মাত্র তিনিবাৰ, ২০১৩ত পাঁচবাৰ, ২০১৪ত ছবাৰ আৰু ২০১৫ত ১৪ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। আনহাতে, ২০১৮ত সর্বাধিক ১৩৬ বাৰ, ২০১৯ ত ১০৯ বাৰ আৰু ২০২০ত ১৩২ বাৰ ইণ্টাৰনেট সেৱা চৰকাৰে বন্ধ কৰিছে। ২০২২ত বিশ্বৰ ৩৫খন দেশত চৰকাৰসমূহে মুঠ ১৮৭ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল। তাৰে সর্বাধিক ৮৪টা ঘটনাৰে ভাৰত আছিল শীর্ষত। অকল এয়ে নহয়, ২০১৬ৰ পাছৰে পৰা সমগ্র পৃথিৱীত ইণ্টাৰনেট বন্ধৰ ঘটনাৰ ৫৮ শতাংশৰ অধিক সংঘটিত হৈছে কেৱল ভাৰতত।

প্রতিবাদী আন্দোলন, বিভিন্ন ধৰণৰ সংঘর্ষ, বিদ্যালয়ৰ পৰীক্ষা, নির্বাচন আদি চলি থকাৰ সময়তে দেশত সর্বাধিক ইন্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এনে ধৰণৰ অপ্রত্যাশিত চেন্সৰশ্বিপক ইতিমধ্যে কেন্দ্রীয় চৰকাৰে তেনেই সাধাবণ ব্যৱস্থালৈ পর্যবসিত কৰি পেলাইছে; অথচ ডিজিটেলাইজেচনত সর্বাধিক গুৰুত্ব আৰোপ কৰা চৰকাৰে পৰিস্থিতি স্বাভাবিক কৰি ৰখাৰ বাবে শক্তিশালী ব্যবস্থা গঢ়ি তোলাত ব্যর্থ হৈছে। নাগৰিকৰ অধিকাৰত অহেতুক হস্তক্ষেপ কৰি ইন্টাৰনেট সেবা বন্ধ কৰাটোকে উজু পথ হিচাপে ব্যৱহাৰ কৰাটো দুর্ভাগ্যজনক।

২০২০ৰ এটি গোচৰৰ সম্পৰ্কত দেশৰ সর্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে চিআৰপিচিৰ ১৪৪ ধাৰাৰ অধীনৰ ক্ষমতাক নাগৰিকৰ মত প্রকাশৰ স্বাধীনতা অথবা কোনো ধৰণৰ গণতান্ত্রিক অধিকাৰ হৰণৰ বাবে প্ৰয়োগ কৰিব নোৱাৰিব। ন্যায়ালয়ে আনকি ইণ্টাৰনেট বন্ধ কৰাৰ নিৰ্দেশসমূহ পর্যালোচনাৰো নির্দেশ দিছিল; কিন্তু মানৱ জীৱনৰ অংগাংগী হৈ পৰা ইণ্টাৰনেট বন্ধৰ পৰিসৰ দেশত বৃদ্ধিহে পোৱাটো – পৰিসংখ্যাই স্পষ্টভারে উদঙাই দিছে। যিমানে শান্তিপূর্ণ অথবা গণতান্ত্রিক নহওক কিয়, চৰকাৰবিৰোধী প্রতিবাদী -আন্দোলনৰ সময়ত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াটো ইতিমধ্যে এক প্রচলিত নিয়মত পৰিণত হৈছে।

কৃষক আন্দোলন যাতে দেশৰ অন্যান্য প্রান্তলৈ বিয়পিব নোৱাৰে সেই লক্ষ্যৰে ইন্টাৰনেট সেৱা বন্ধ কৰাতে ক্ষান্ত নাথাকি এই আন্দোলনৰ স’তে জড়িত নেতা, সক্রিয় ৰাজহুৱা কর্মী, সাংবাদিক, অধিবক্তা আদিৰ শ শ ছ’চিয়েল মিডিয়াৰ একাউন্ট বন্ধ কৰি দিবলৈ ভাৰত চৰকাৰে এনে প্লেটফর্মসমূহৰ কর্তৃপক্ষক বাধ্য কৰাইছে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এনে পদক্ষেপত বিশ্বৰ অন্যতম জনপ্রিয় ছ’চিয়েল মিডিয়া প্লেটফর্ম এক্স অর্থাৎ পূৰ্বৰ টুইটাৰ কর্তৃপক্ষই গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে। এক্সৰ আন্তর্জাতিক বিষয়সমূহ পৰিচালনা কৰা একাউণ্টৰ তৰফৰ পৰা এই সম্পর্কত এক আনুষ্ঠানিক বিবৃতি জাৰি কৰা হৈছে। ‘কৃষক আন্দোলনৰ স’তে জড়িত পোষ্ট কৰা একাউন্ট আৰু পোষ্টবোৰ ব্লক’ কৰিবলৈ ভাৰত চৰকাৰে প্ৰেৰণ কৰা কঠোৰ নিৰ্দেশৰ ওপৰত দ্বিমত প্রকাশ কৰি এক্সৰ তৰফৰ পৰা স্পষ্টভাবে কোৱা হৈছে যে ভাৰত চৰকাৰৰ এই নির্দেশ অনুসৰি উল্লেখিত একাউন্ট আৰু পোষ্টবোৰ কেৱল ভাৰততহে নিষিদ্ধ কৰা হ’ব। অৰ্থাৎ চৰকাৰৰ ভাবুকিত এনে পদক্ষেপ ল’লেও সেইবোৰ একাউন্ট আৰু পোষ্ট ভাৰতৰ বাহিৰে পৃথিৱীৰ আন স্থানত উপলব্ধ হ’ব।

‘ভাৰত চৰকাৰৰ এনে কাৰ্যৰ স’তে আমাৰ সহমত নাই, আমি মত প্রকাশৰ স্বাধীনতাৰ পক্ষত।’ এক্স-এ এনেদৰে কয়। ক্ষমতাৰ ৰাগীত কোনো বিৰোধী মত শুনিবলৈ আগ্রহী নোহোৱা বাবেই চৰকাবে যে এনেদৰে কঠোৰ ভূমিকাত অৱতীর্ণ হৈছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesFarmer Protestpranjal sen dekaQuestions Raised
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d