Rana Goswami resigns from Congress:অৱশেষত কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

এপিচিচিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ, ১ মাৰ্চত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দিল্লীীত গেৰুৱাবসন পিন্ধিব গোস্বামীয়ে

rana goswami

Rana Goswami resigns from Congress:

এপিচিচিত পুনৰ মোক্ষম আঘাত ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰুকায়স্থ পদত্যাগ কৰাৰ পিছত আজি দলত্যাগ কৰে আন এজন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

ইতিমধ্যে আজি ৰাণা গোস্বামীয়ে তেওঁৰ পদত্যাগ এআইচিচিৰ সাধাৰণ সম্পাদৰ বেনুগোপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁৰ এপিচিচিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি দলৰ বিষয়বাব ত্যাগ কৰিছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি, তেওঁ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। উল্লেখ্য যে,যোৱা এসপ্তাহ দিন ধৰি গোস্বামীয়ে দলত্যাগ কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰিছিল যদিও এই ক্ষেত্ৰত তেওঁ মৌন হৈ আছিল ৷ কিন্ত আজি সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি দলৰ পৰা পদত্যাগ কৰে ৷

দলত্যাগী গোস্বামীয়ে অহা ১ মাৰ্চত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে মঙলবাৰে গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই দললৈ আদৰণি জনাইছিল ৷

মনকৰিবলগীয়া যে,যোৰহাটৰ বতৰ্মানৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত ইংগিত দিছিল যে,২০২৬ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বীতাৰ পৰা বিৰত থাকি ৰাজনীতি সন্নাস ল’ব ৷

২০২৬ ৰ নিৰ্বাচনত গোস্বামীয়ে যোৰহাট বা তিতাবৰ পৰা বিধায়ক হোৱাৰ আশাৰে বিজেপিত যোগদান কৰিবলৈ গৈছে ইতিমধ্যে ৰাজনীতি মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সংবাদ মাধ্যমত কিছুদিন পূৰ্বে মন্তব্য দিছিল যে,কংগ্ৰেছত ধুমুহা সৃষ্টি কৰি কে’বাজন বিধায়ক আৰু বাঘা বাঘা নেতা গেৰুৱা বসন পিন্ধিব ৷ কিন্ত শেহতীয়াকৈ ইজনৰ পাছত সিজনকৈ কংগ্ৰেছী নেতা বিজেপি মুখী হোৱাত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷

Exit mobile version