Terrible Accident in Baihata Chariali:বাইহাটা চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা

পথৰ ওপৰত খহি পৰিল নিৰ্মীয়মান উৰণ সেতুৰ বীম, এজনৰ মৃত্যুৰ লগতে আৰু শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ, ৰাজপথ অৱৰোধ কৰিবলৈ ওলাই আহিছে শ শ লোক

baihata chariaali

Terrible Accident in Baihata Chariali:

বাইহাটা চাৰিআলিত ভয়ংকৰ ঘটনা। বাইহাটাত নিৰ্মাণধীন হৈ থকা উৰণ সেতুঁৰ বীম খহিঁ এজন শ্ৰমিকৰ থিতাতে মৃত্যুৰ হোৱাৰ বিপৰীতে আন এজন আবদ্ধ হৈ থকাৰ সন্দেহ ।

নিৰ্মীয়মাণ উৰণসেঁতৰ ওপৰত ক্ৰেনেৰে বীম ওপৰলৈ উঠাই থকাৰ সময়তে হঠাতে তললৈ খহি পৰে প্ৰকাণ্ড বীমটো।

উল্লেখ্য যে,সেই সময়ত সেঁতু খনৰ তলত কৰ্মৰত হৈ আছিল কে’বাজনো শ্ৰমিক ৷ বীমৰ হেচাত এজন শ্ৰমিক ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰাৰ বিপৰীতে আন কে’বাজনো শ্ৰমিক গুৰুত্বৰভাৱে আহত হয় । সন্দেহ কৰা মতে,বীমৰ তলত আবদ্ধ হৈ আছে দুজনমান শ্ৰমিক ৷ আনহাতে আহত কেইবাজনো শ্ৰমিকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় হাস্পতাললৈ।

ইপিনে ,শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে হুৱাদুৱা লাগে ঘটনাস্থলীত ৷ ৰাজপথলৈ ওলাই আহি সেঁতু খনৰ নিৰ্মিয়মান ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰে বহুলোক ৷

ইপিনে,উপস্থিত শ্ৰমিকৰ ভাষ্য অনুসৰি, ক্ৰেনখনৰ ভাৰসাম্যহীন হৈ পৰাৰ ফলতে এই ঘটনা সংঘটিত হয় এই ভয়ংকৰ অঘটনটো ৷ আনহাতে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখযোগ্য ,ঘটনাটি সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে ক্ৰেন খনৰ চালকজন ৷ সম্প্ৰতি চেপা উত্তেজনা অব্যাহত আছে বাইহাটা চাৰিআলিত ৷

Exit mobile version