Drugs Paddlar Arrested In Rupahihat:নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

drugs

Drugs Paddlar Arrested In Rupahihat:

নগাঁও জিলাৰ ৰূপহীহাটত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্য অলপো কমা নাই। ইয়াৰ মাজতে ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদর্শক কুমুদ গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ ঘেৱা চলচলিত ড্রাগছৰ বিৰুদ্ধে এক অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আশিক ইকবাল। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা দুটা চাবোনৰ বাকচভর্তি ড্রাগছ জব্দ কৰে। জব্দকৃত ড্রাগছখিনিৰ ওজন ২৩.৩৭ গ্রাম বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে। ধৃত ড্রাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version