Rangalu Drugs Seize With Paddlar Arrested:নগাঁৱৰ ৰাঙলুত ৯ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সহ তিনি পেডলাৰ আটক

paddlar arrested

Rangalu Drugs Seize With Paddlar Arrested:

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে ৰাঙলুত বৃহস্পতিবাৰে নিশা কঠিয়াতলী আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

কঠিয়াতলী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ৰাঙলুৰ এটা পেট্ৰল পামত ৰৈ থকা এখন টাটা মবাইলৰ পৰা জব্দ কৰে ৯ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ ৷

ধৃত সৰবৰাহকাৰী কেইটা হ’ল মণিপুৰৰ জন কেনিডে ছনগেট ,মিজুৰামৰ লালুন টোলুংগা আৰু কাছাৰৰ ইকবাল আলম বৰভূঞা ৷

আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ কঢ়িয়াই অনা এএছ ১১-ইচি ৪৮৫৬ ৷ আনহাতে ধৃত পেডলাৰ কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version