Cow breeders will get subsidies:গোপালকসকলে অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত পাঁচ টকাকৈ ৰাজসাহায্য লাভ কৰিব:মুখ্যমন্ত্ৰী

cm visit

Cow breeders will get subsidies:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অধীনত সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্প (প্ৰতিদিনে ১৫০ হাজাৰ লিটাৰ)ৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকে।

এয়া অসমত শ্বেত বিপ্লৱ গঢ়াৰ যাত্ৰাত এক অন্যতম পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে শণিবাৰে পূৰবীৰ নৱতম সংযোজন পূৰবী আইচ ক্ৰীমও আনুষ্ঠানিকভাৱে মুকলি কৰে। সম্প্ৰসাৰিত দুগ্ধ প্ৰকল্পই দৈ, পনীৰ, আইচ ক্ৰীমকে ধৰি দুগ্ধজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে ৰাজ্যখনৰ জনসাধাৰণক বিভিন্ন প্ৰয়োজনীয় দুগ্ধজাত খাদ্য যোগান ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

তদুপৰি, মুখ্যমন্ত্ৰীয়ে গোপালকসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে অহা বছৰৰপৰা চৰকাৰৰ তৰফৰপৰা প্ৰতি লিটাৰ গাখীৰত পাঁচ টকাকৈ ৰাজসাহায্য দিয়াৰ কথা আজি ঘোষণা কৰে।

আনহাতে, আগন্তুক তিনি দিনৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড়ত দুগ্ধ সংসাধন গোট খোলাৰ বাবে পুঁজি মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই দূৰদৰ্শী পদক্ষেপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গোপালকসকলক অধিক উৎসাহিত কৰিব তথা যুৱপ্ৰজন্মক গোপালনৰ প্ৰতি আকৰ্ষিত কৰি স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰী বৰাই মন্তব্য কৰে।

তেওঁ কয়, ‘ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী দেশ। মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাই ৰাজ্যখনত আৰম্ভ হোৱা শ্বেত বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব আৰু এনেধৰণৰ বিপ্লৱে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিও সুদৃঢ় কৰাত যথেষ্ট অৰিহণা যোগাব।’

Exit mobile version