Namrup Firing : নামৰূপত চাঞ্চল্যকৰ ঘটনা

মহিলাক গুলীয়াই নিজেও মুৰত গুলীয়াই আত্মহনণ আৰক্ষী বিষয়া অনুপম গোৱালাৰ

namrup 1

Namrup Firing :

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে অসম ৷ এজন আৰক্ষীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে এগৰাকী মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ কৰে ৷ এই মৰ্মান্তিক ঘটনাই সকলোকে শোকাহত কৰি তুলিছে। আত্মহনণৰ দৰে চুড়ান্ত সিদ্ধান্ত লোৱা আৰক্ষী বিষয়াজন হ’ল নামৰ সদৰ আৰক্ষী নিৱেশৰ অ’চি অনুপম গোৱালা ৷

যোৱা নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় লাহোৱালত ৷ আনহাতে, গুলীবিদ্ধ মহিলাগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

প্ৰাপ্ত খবৰ অনুসৰি ,আৰক্ষী বিষয়া অনুপম গোৱালাৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাতত। গুলীবৃদ্ধ হোৱা মহিলা গৰাকীৰ স’তে পূৰ্বৰে পৰা চিনাকী আছিল গোৱালাৰ ৷ ইয়াৰ পূৰ্বে অনুপম কৰ্মৰত হৈ আছিল লাহোৱাল আৰু টেঙাখাত থানাৰ অ’চি হিচাপে ৷ সেই সূতে দুয়োটা অঞ্চলৰ ৰাইজ আৰু সামাজিক সংগঠনৰ মাজত জনপ্ৰিয় আছিল ৷

গুলীচালনা দৰে চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় ৰংপুৰীয়াৰ মদাৰখাত জাতীয় বিদ্যালয়ৰ চৌহদত৷ এই চৌহদতে বসবাস কৰিছিল দুটি সন্তানৰ মাতৃ গৰাকী ৷

যোৱা নিশা সংঘটিত হোৱা কৰুণ ঘটনাটো অনুপমৰ কৰ্মস্থলী নামৰূপৰ পৰা ৭০ কিলোমিটাৰ নিলগৰ লাহোৱালত ৷ নিশা দুই বজাত অনুপমে ইমান দূৰলৈ আহি কিয় গুলীচালনা ঘটনা সংঘটিত কৰিলে এই বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷
নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুপমৰ চাৰ্ভিছ ৰিভলভাৰটো জব্দ কৰি আৰম্ভ কৰিছে তদন্ত ৷

স্থানীয় সূত্ৰই সদৰি কৰা মতে, মদাৰখাত জাতীয় বিদ্যালয়ৰ চৌহদত গুলীবৃদ্ধ মহিলা গৰাকীৰ স্বামীৰ স’তে অনুপমৰ কথাৰ কটাকটি হৈ পিছত উদ্যত পিষ্টলটো লৈ অনুপমে গুলীয়াবলৈ চেষ্টা কৰিছিল যদিও সেই সময়ত মহিলা গৰাকী উপস্থিত হৈ কাজিয়া ভঙাৰ চেষ্টা কৰোতেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয় ৷অনুপমৰ পিষ্টলৰ গুলী মহিলা গৰাকীৰ বুকু ভেদি যায় ৷

Exit mobile version