Flyover Opening Today:মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব গুৱাহাটী-উঃগুৱাহাটী দলঙৰ দক্ষিণ পাৰৰ উচ্চ কৰিড’ৰ

fly over

Flyover Opening Today:

মহানগৰীৰ সদাব্যস্ত ভৰলুমুখৰ যান-জঁট সমস্যা হ্ৰাস কৰিবৰ বাবে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া মুকলি হ’ব বহু প্ৰত্যাষিত গুৱাহাটী-উঃ গুৱাহাটী সংযোগী দলঙৰ দক্ষিণ পাৰে এলিভেটেড কৰিড’ৰ(ভূতনাথ-মাছখোৱালৈ) ৷

প্ৰস্থ ১৫.২ মিটাৰ আৰু ১.২ কি.মি. দৈর্ঘ্যৰ সেঁতুখনৰ নিৰ্মাণত ব্যয় কৰা হয় ৩২৬ কোটি টকা ৷

ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ ২ ৰ’টাৰী আৰু ৩ লেনযুক্ত এই উৰণ সেতুঁৰ পৰা লুইতৰ পাৰৰ নৌসৰ্গিক দৃশ্য, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৷

আনহাতে উৰণ সেতু খনৰ অন্যতম বৈশিষ্ট্য হ’ল শব্দ প্ৰদুষণৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ শব্দ প্ৰতিৰোধ স্থাপন ৷ উল্লেখ্য যে,ৰাজ্যত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

Exit mobile version