Note For Vote Case:জনপ্ৰতিনিধিয়ে ক্ৰছ ভোট কৰিলে যাব লাগিব জে’ললৈ !

ভোটৰ বাবে নগদ ধনৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত দি সৰ্বোচ্চ ন্যায়ালয়ে কয় – সাংসদ আৰু বিধায়কসকলক ৰেহাই দিব নোৱাৰি, টকা লৈ প্ৰশ্ন কৰা, ভোট দিয়া জনপ্ৰতিনিধি অভিযুক্ত হ'ব ভ্ৰষ্টাচাৰৰ অপৰাধত, সৰ্বোচ্চ ন্যায়ালয়ৰ সাতজনীয়া খণ্ড পীঠৰ ঐতিহাসিক ৰায়দান

chandra chud

Note For Vote Case:

দলৰ হুইপ অমান্য কৰি বিপৰীত দলৰ প্ৰাৰ্থীক ভোট দিয়া জনপ্ৰতিনিধি বাবে এটা বেয়া খবৰ ৷ ৰাজ্যসভা ,ৰাষ্ট্ৰপতি আৰু উপ- ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দলীয় হুইপ অমান্য কৰি ক্ৰছ ভোটদান কৰিলে জনপ্ৰতিনিধি যাব লাগিব জে’ললৈ ৷

একেদৰে বিধানসভা আৰু সংসদত ধনৰ বিনিময়ত প্ৰশ্ন কৰা ,ভোট দিয়া জনপ্ৰতিনিধিৰ বাবে নাথাকিব কোনো সকাহ ৷ এনে প্ৰতিনিধিৰৰ বিৰুদ্ধে ৰজু হ’ব অপৰাধমূলক গোচৰ । এনে কৰিলে আইনগত ব্যৱস্থাৰ সন্মুখীন হ’ব সংশ্লিষ্ট জনপ্ৰতিনিধি ।

এই সম্পৰ্কীয় গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুড় নেতৃত্বাধীন সাতজনীয়া খণ্ডপীঠে

মনকৰিবলগীয়া যে, উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে সাংসদ আৰু বিধায়কসকলে সদনত ভোট দিবলৈ বা ভাষণ দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্ত নহয়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাত জনীয়া সংবিধান বিচাৰপীঠে ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) উৎকোচ গোচৰৰ পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰা ১৯৯৮ চনৰ ৰায়ক সৰ্বসন্মতিক্ৰমে বিপৰীতমুখী ৰায় দিয়ে।

পাঁচজনীয়া বিচাৰপীঠৰ ৰায়ৰ অধীনত, সাংসদ আৰু বিধায়কসকলক তেওঁলোকৰ ভোট দান কৰিবলৈ বা সদনত ভাষণ দিবলৈ উৎকোচ লোৱাৰ ক্ষেত্ৰত গোচৰৰ পৰা মুক্তি দিয়া হৈছিল।

ৰায়টো ঘোষণা কৰি চিজেআইয়ে কয় যে উৎকোচৰ গোচৰসমূহে সংসদীয় বিশেষাধিকাৰৰ অধীনত সুৰক্ষা লাভ নকৰে আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত আছিল।

অনুচ্ছেদ ১০৫ আৰু ১৯৪ সংসদ আৰু ৰাজ্যিক বিধানসভাত সাংসদ আৰু বিধায়কসকলৰ ক্ষমতা আৰু বিশেষাধিকাৰৰ সৈতে সম্পৰ্কিত।

ন্যায়াধীশ চন্দ্ৰচূড়ে বিচাৰপীঠৰ বাবে ৰায়ৰ মুখ্য অংশটো পঢ়ি শুনাওঁতে কৈছিল যে এই অনুচ্ছেদবোৰৰ অধীনত উৎকোচৰ গোচৰবোৰ ৰেহাই দিয়া নহয় কিয়নো ই ৰাজহুৱা জীৱনত সততা ধ্বংস কৰে।

উল্লেখ্য যে,১৯৯৮ ত উচ্চতম ন্যায়ালয়েই দিয়া এটা ৰায়ৰ বিপৰীতমুখী ৰায় হিচাপে বিবেচিত হয় নতুন ৰায় প্ৰদানে ৷

Exit mobile version