Piyanka Gandhi :ৰাইবৰেলি নহয়, আন এটাসমষ্টিৰ পৰাহে লোকসভাত প্রতিদ্বন্দ্বিতা কৰিব পাৰে প্ৰিয়ংকাই

piyanka

Piyanka Gandhi :

লোকসভাৰ আসন্ন নির্বাচনক লৈ ইতিমধ্যে শাসক-বিৰোধী উভয় শিবিৰত ব্যস্ততা বৃদ্ধি পাইছে। বিজেপিয়ে শনিবাৰে দলৰ প্রথমখন প্রার্থীৰ তালিকা ঘোষণা কৰিলে। এনে সময়তে কংগ্রেছে আসন্ন নির্বাচনত কাক কাক প্রার্থী হিচাপে প্রক্ষেপ কৰিব, তাক লৈ চর্চা চলিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্রাই আসন্ন নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি এক চর্চা অব্যাহত আছে। ছোনিয়া গান্ধীয়ে ৰাইবৰেলি সমষ্টি ত্যাগ কৰাৰ পাছত উক্ত সমষ্টিত প্রিয়ংকাই প্রতিদ্বন্দিতা কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াভাৱে কংগ্রেছৰ এক সূত্রই দাবী কৰা অনুসৰি প্ৰিয়ংকাই ৰাইবৰেলি নহয়, দমন-দিউৰ পৰাহে লোকসভাত প্রার্থী হিচাপে থিয় দিব।

দমন-দিউৰ কংগ্ৰেছৰ মুৰব্বী কেটন পটেলে আজি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত এই চাঞ্চল্যকৰ দাবী কৰি কয় যে দলৰ অন্যতম নেত্রী প্রিয়ংকাই লোকসভাৰ ২০২৪ৰ নিৰ্বাচনত দমন দিউৰ প্রতিদ্বন্দ্বিতা কৰিব পাৰে। কংগ্রেছৰ আন এক সূত্রই দাবী কৰা অনুসৰি, প্রিয়ংকাই বাইবৰেলিৰ লগতে দমন দিউত প্রতিদ্বন্দ্বিতা কৰিব।

Exit mobile version