Chicken Liver is Very Useful For Diabetics:মধুমেহত আক্রান্তৰ বাবেও মুৰ্গীৰ লিভাৰ অতি উপকাৰী

liver

Chicken Liver is Very Useful For Diabetics:

মাংসৰ যকৃৎ বা লিভাৰ আমাৰ শৰীৰৰ বাবে অনেক উপকাৰী। খাবলৈও ভাল লাগে। বিশেষকৈ শিশুৱে লিভাৰহে খাব বিচাৰে। মাংসৰ লিভাৰ বুলিলে আমি সততে পঠা বা খাছী ছাগলীৰ লিভাৰকহে বুজো। কিয়নো মুৰ্গীৰ যকৃৎ বা লিভাৰ খোৱাৰ উপযোগী বুলি বহুতেই নাভাবে। বহুতে খাবলৈও বেয়া পায়। কিন্তু জানিলে আচৰিত হ’ব যে ছাগলীৰ লিভাৰৰ দৰেই মুৰ্গীৰ লিভাৰো সমানেই উপকাৰী।

পুষ্টিবিদসকলেই এই মন্তব্য কৰিছে। কিন্তু কেনে উপকাৰী?

⇒ মুৰ্গীৰ লিভাৰত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, আয়ৰন, ফাইবাৰৰ উপৰি আৰু অনেক স্বাস্থ্যগুণেৰে ভৰপূৰ উপাদান থাকে।

⇒ মুৰ্গীৰ লিভাৰ বা যকৃতত থকা জিংক বা দস্তাই জ্বৰ, চর্দি-কাহ, টনছিলাইটিছ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।

⇒ মুৰ্গীৰ লিভাৰত থাকে ভিটামিন ‘এ’ আৰু ‘বি’, যি আমাৰ দৃষ্টিশক্তি আৰু মস্তিষ্কৰ বিকাশত সহায় কৰে।

⇒ মুৰ্গীৰ লিভাৰত থকা ক’লাজেন ওইলাষ্টিন নামৰ উপাদান বিধে আমাৰ শৰীৰৰ সিৰা-উপসিৰালৈ ৰক্ত চলাচল সহজ আৰু স্বাভাবিক কৰি ৰখাত সহায় কবে।

⇒ মুৰ্গীৰ লিভাৰত আছে প্ৰচুৰ পৰিমাণৰ আয়ৰন আৰু ফাইবাৰ, যি শৰীৰ আৰু হৃৎপিণ্ডৰ বাবে অতি উপকাৰী। ⇒ মুৰ্গীৰ লিভাৰত থকা চেলেনিয়াম নামৰ জৰুৰী উপাদানে ক’লন কৰ্কটৰ আশংকা হ্রাস কৰে। এই চেলেনিয়াম শ্বাস-প্রশাসব কষ্ট, হাঁপানি, সৰু-বৰ সংক্রমণ, গাঁঠিৰ বিষ, কৃমিৰ সমস্যা নিয়ন্ত্ৰণত ৰখাত সক্ষম।

→ শৰীৰৰ বিভিন্ন অপুষ্টিজনিত সমস্যা দূৰ কৰাত আৰু দ্রুতগতিৰে ওজন বৃদ্ধি কৰাত মুৰ্গীৰ লিভাৰ বা যকৃৎ অত্যন্ত কাৰ্যকৰ।

ইয়াৰ উপৰি মধুমেহৰ দৰে ৰোগত আক্রান্তসকলৰ বাবেও মুৰ্গীৰ লিভাৰ অতি উপকাৰী। পুষ্টিবিদৰ মতে, মুৰ্গীৰ মাংসৰ তুলনাত মুৰ্গীৰ লিভাৰৰ পুষ্টিগুণ কোনো গুণে কম নহয়।
অৱশ্যে এটা কথা মনত ৰাখিব লাগিব যে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্রৰ সমস্যা থকাসকলে মুৰ্গীৰ লিভাৰ নোখোৱাই ভাল। কিয়নো মুৰ্গীৰ লিভাৰ খালে ক’লেষ্টেৰলৰ মাত্রা বৃদ্ধি পায়।

Exit mobile version