Four people have been killed in a shooting at a night party in California:কেলিফর্ণিয়াত নৈশ পার্টিত গুলিবর্ষণৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু

usa

Four people have been killed in a shooting at a night party in California:

যোৱা নিশা মুখা পৰিহিত মধ্য কেলিফর্ণিয়াত বন্দুকধাৰীয়ে এটা নৈশপার্টিত গুলিবর্ষণ কৰি আতংকৰ সৃষ্টি কৰিছিল। বন্দুকধাৰীৰ অতর্কিত আক্রমণত গুলিবিদ্ধ হৈ প্রাণ হেৰুৱালে চাৰিজন লোকে। এই ঘটনাত আন তিনিজন লোক গুৰুতৰভাৱে আহত হ’ল।

কেলিফর্ণিয়া আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰি জনোৱা অনুসৰি দেওবাৰে সন্ধিয়া ছয় বজাত কিংগ চিটি অঞ্চলত গুলিবর্ষণৰ ঘটনা সংঘটিত হৈছিল। বন্দুকধাৰীৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হ’ল আৰু নিহতৰ মাজত এগৰাকী মহিলাও আছে।

অৱশ্যে কি কাৰণত বন্দুকধাৰীয়ে নৈশ পার্টিত আক্রমণ চলাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Exit mobile version