Nagaon Police Operation Against Gamblers:নগাঁও আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযানঃ পাঁচজনক গ্রেপ্তাৰ

juari

Nagaon Police Operation Against Gamblers:

ড্ৰাগছৰ সমান্তৰালভাবে নগাঁৱৰ আৰক্ষীয়ে জুৱাৰ আড্ডাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাবে যোৱা নিশা নগাঁও মৰিকলং আৰক্ষী চকীৰ আৰক্ষীয়ে নির্দিষ্ট তথ্যৰ ভিত্তিত নগাঁও চহৰৰ মৰিকলং চাৰিআলিত অভিযান চলাই পাঁচজন জুৱাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত জুৱাৰীকেইজন হ’ল- বেঙেনাআটিৰ কাদিৰ হুছেইন, মৰিকলঙৰ ৰাম ৰতন পাচি, হয়বৰগাঁৱৰ জালাল উদ্দিন, ফৌজদাৰীপট্টীৰ আবু বক্কাৰ ছিদ্দিকী, ইছলামপট্টীৰ আৰিফ হুছেইন। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা পাঁচটা ম’বাইল ফোনসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্রতি আৰক্ষীয়ে ধৃত জুৱাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে নগাঁও চহৰৰ বিভিন্ন স্থানৰ লগতে জিলাখনৰ বিভিন্ন তিনিআলি- চাৰিআলিত কেতবোৰ সমাজ বিৰোধী চক্ৰৰ পৃষ্ঠপোষকতাত জুৱাৰ আড্ডা কি অব্যাহত আছে।

Exit mobile version