Cm Himanta Biswa Sarma :লখিমপুৰত মুখ্যমন্ত্ৰীৰ সদম্ভে ঘোষণা

আজমলে জৰাফুকা অব্যাহত ৰাখিলে গ্ৰেপ্তাৰ হ'ব, ২০২৬ত ৰাজ্যত বন্ধ হ’ব বাল্য বিবাহ

Cm Himanta Biswa Sarma :

উত্তৰপাৰ পৰিভ্ৰমণ মুখ্যমন্ত্ৰীৰ ৷ কে’বাটাও চৰকাৰী কাৰ্যসূচীৰে আজি পুৱা লখিমপুৰ উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীয়ে সদম্ভে পুনৰ হুংকাৰ দিলে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যজুৰি ব্যাপক ৰূপত লটাৰী -তীৰ আৰু নকল সোণ সৰবৰাহকাৰী বিৰুদ্ধে চলিব মাৰাথন অভিযান ৷ লখিমপুৰৰ লালুক ,নাওবৈছাত নকল সোণৰ কৰিডৰলৈ পৰিণত কৰা ধুৰন্ধৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা ইংগিত দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া কেতবোৰ বহুবল্কী মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজমলে এতিয়াৰ পৰা যদি জৰা- ফুকা অব্যাহত ৰাখে তেন্তে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত ৷ আমি যি কও ,কাৰ্যত কাৰ্যকৰী কৰো ৷

কংগ্ৰেছে প্ৰাৰ্থী তালিকা বিলম্ব সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,কোন দলে কাক প্ৰাৰ্থিত্ব দিয়ে আমি সেয়া গৱেষণা কৰা নাই ৷ মুঠৰ ওপৰত আমাৰ প্ৰধান লক্ষ্য ১১খন আসনত আমি জিকিব লাগে। বিৰোধী ঐক্যমঞ্চৰ একতাক লিভিং টুগেদাৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাল্যবিবাহ বন্ধ সম্পৰ্কত ড:হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দি কয়,২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহ বন্ধ হোৱাটো নিশ্চিত ৷ আনহাতে বৰ্তমান নাওবৈছাৰ বিধায়কজনক ভেঞ্চাৰ বিধায়ক বুলি উল্লেখ কৰি তেওঁৰ বাবেই উন্নয়ণ হোৱা নাই সমষ্টিটোত ৷ সেয়েহে আগন্তুত ২০২৬ ত নাওবৈছাত এজন প্ৰাদেশীকৃত এম এল এ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version