ndia’s first underwater metro rail service is set to be inaugurated in Kolkata by Prime Minister Narendra Modi:পানীৰ তলেৰে চলা মেট্ৰ’ ৰেলসেৱা উদ্বোধন প্ৰধানমন্ত্ৰীৰ

এই সেৱা দেশৰ ভিতৰতে প্ৰথম

metro main

India’s first underwater metro rail service is set to be inaugurated in Kolkata by Prime Minister Narendra Modi:

চুবুৰীয়া পশ্চিমবংগত আজি আৰম্ভ হ’ল দেশৰ প্ৰথমটো পানীৰ তলেৰে চলা মেট্ৰ’ৰে’ল সেৱা ৷

গংগা নদীৰ তলৰে নির্মাণ হৈছে এই বিশেষ মেট্ৰ’ ৰে’লপথ ৷ উল্লেখ্য যে, আজিৰ পৰা চল্লিশবছৰ পূৰ্বে ১৯৮৪ ৰ ২৪ অক্টোবৰত এই ক’লকাতা মহানগৰত প্ৰথম আৰম্ভ হয় মেট্ৰ’ সেৱা ।

সুদীৰ্ঘ বহুবছৰ পাছত কলকাতা চহৰত পুনৰ নতুন সংযোজিত হ’ল হ’ল বিশেষ মেট্ৰ’ ৰে’লপথ ৷ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীণ পতাকা জোকাৰি গংগাৰ তলৰ মেট্ৰ’ ৰে’ল সেৱা উদ্বোধন কৰে ৷ একেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে এস্প্লেনেড মেট্ৰ’ ষ্টেচনৰ পৰা নামনি গংগা মেট্ৰ’ সহ দুটা মেট্ৰ’ প্ৰকল্পৰো শুভ উদ্বোধন কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে জোকা-তৰতলা মেট্ৰ’ৰ পৰা মাজেৰহাটলৈ আৰু নতুন গৰিয়াৰ পৰা ৰুবীলৈ মেট্ৰ’ৰ সম্প্ৰসাৰণ শুভাৰম্ভ কৰাৰ লগতে ভাৰ্চুৱেলী আগ্ৰা,কোচি আৰু পুনে মেট্ৰ’ প্ৰকল্পৰো উদ্বোধন কৰে ৷

কলকাতাৰ এই অনুষ্ঠানত উপস্থিত থাকে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু,পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ ।

উল্লেখযোগ্য, এস্প্লেনেড মেট্ৰ’ ষ্টেচনৰ পৰা আটাইকেইটা মেট্ৰ’ প্ৰকল্প উদ্বোধনৰ পিছত বিভিন্ন শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীৰ স’তে মেট্ৰ’ত ভ্ৰমণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মতবিনিময় কৰাৰ পাছত কলকাতা মেট্ৰ’ বিষয়া সকলৰ স’তে এক বৈঠকত মিলিত হয়।

Exit mobile version