First Wife’s Son and Nephew Were Involved in the Murder of the Chief Engineer:প্রথমা পত্নীৰ পুত্ৰ-ভতিজাক জড়িত আছিল মুখ্য অভিযন্তাৰ হত্যাকাণ্ডত

সাত মাহ পূর্বে মহানগৰীৰ হাতীগাঁৱৰ ফ্রেণ্ডছ পথত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড, হত্যাৰ ঘটনাত পুনৰ দুজনক গ্রেপ্তাৰ সম্পত্তিয়েই মূল কাৰণ

kb

First Wife’s Son and Nephew Were Involved in the Murder of the Chief Engineer:

মহানগৰীৰ হাতীগাঁও নিবাসী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলী আহমেদ (৭৩)ৰ হত্যাৰ ঘটনাৰ প্ৰায় সাত মাহ পাছত এই হত্যাকাণ্ডত জড়িত থকা আন দুজন পলাতক অভিযুক্তক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ’ল।

ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলাতক হৈ থকা মন্দিয়াৰ ছহিদুল ইছলাম আৰু হাতীগাঁও সিজুবাৰীৰ চৰিফউদ্দিন আলী আহমেদক হাতীগাঁও আৰক্ষীয়ে অৱশেষত গ্রেপ্তাৰ কৰে ধৃত চৰিফউদ্দিন মৃত আহমেদৰ প্রথমা পত্নীৰ পুত্ৰ আৰু ভতিজাক ছহিদুল ভ। ২০২৩ৰ ২৭ জুলাইত পুৱা সংঘটিত এই ঘটনাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাত ২৪৯/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰি মৃত। কৰি মৃত অভিযন্তাজনৰ ভাতৃ তথা বাঘবৰ মন্দিয়াৰ আব্দুছ ছাত্তাৰকে ধৰি আন চাৰিজনক ঘটনা সংঘটিত হোৱা কেইদিনমানৰ পাছতে গ্রেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ধৃত ছাত্তাৰ ভুক্তভোগী আহমেদৰ ভ্ৰাতৃ আৰু এই হত্যাকাণ্ডৰ ঘটনাত তেওঁ পৰোক্ষভাবে জড়িত। মন্দিয়াত থকা পৈত্রিক সম্পত্তিক লৈ প্রয়াত আহমেদ আৰু ধৃত ছাত্তাৰৰ মাজত বিবাদ থকাৰ তথ্য তদন্তত পোহৰলৈ আহিছে। উল্লেখ্য যে ঘটনাৰ দিনা হাতীগাঁও আৰক্ষী থানাৰ নিলগত থকা ফ্রেণ্ডছ পথৰ নিজা গৃহ নম্বৰ ১৪ৰ পৰা একেটা পথৰে শেষ মূৰত থকা জামে মছজিদলৈ পুৱা খোজ কাঢ়ি গৈ থকা অৱস্থাত আহমেদক ঘাতকৰ দলে নৃশংসভাবে হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছিল।

ধৃত পৰিয়ালৰ সদস্যই ভেৰোণীয়া ঘাতকক আঠ লাখ টকাৰ বিনিময়ত এই হত্যাত জড়িত কৰোৱাৰ তথ্য সেই সময়ত আৰক্ষীয়ে লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আইনুল হক (৩১), হাচমৎ মিঞা (৩৯), মহিবুল খান (২৮) আৰু নুৰ মহম্মদ (২৭) ওৰফে বগাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীৰ তদন্ত প্রক্রিয়া আগবাঢ়ি যোৱাৰ লগে লগে পৰিয়ালৰ সম্পত্তিৰ বিবাদৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে মৃত আহমেদৰ ভ্ৰাতৃক গ্রেপ্তাৰ কৰিছিল যদিও আন দুই অভিযুক্ত পলাতক হৈ আছিল।

শেষত পলাতক দুই অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰে। উল্লেখ্য যে মৃত আহমেদৰ দুগৰাকী পত্নী। ইয়াৰে প্রথমা পত্নীয়ে দুই সন্তানসহ সিজুবাৰীত থাকে আৰু ইয়াৰ এজন সন্তানক এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। একেদৰে দ্বিতীয়া পত্নী মাজেদা বেগমৰ স’তে আহমেদে ফ্রেণ্ডছ পথত বাস কৰিছিল আৰু দ্বিতীয়া পত্নীৰ দুই কন্যা আৰু এটি পুত্র সন্তান আছে।

ইফালে, ভূমিক কেন্দ্র কৰি প্রয়াত আহমেদ আৰু ভ্ৰাতৃ-ভগ্নীৰ মাজত বিবাদৰ সূত্রপাত হৈছিল আৰু এই সন্দৰ্ভত আদালতত গোচৰ চলি থকাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল। এই সম্পত্তিৰ বিবাদৰ ফলতে অৱসৰপ্ৰাপ্ত অভিযন্তাজনক হত্যা কৰা হৈছিল বুলি সেই সময়ত আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছিল।

উল্লেখ্য যে এই হত্যাকাণ্ডৰ মূল পৰিকল্পনাকাৰী তথা মাষ্টাৰ মাইণ্ড সম্পৰ্কীয় লোক আছিল বুলি সেই সময়ত আৰক্ষীয়ে স্পষ্ট কৰিছিল আৰু সম্প্ৰতি ভ্রাতৃ, পুত্র আৰু ভতিজাকক গ্রেপ্তাৰ কৰাৰ পাছতে সমগ্র ঘটনাত এই তিনিজন জড়িত যে আছিল স্পষ্ট হৈছে। অৱশ্যে এই সন্দৰ্ভত আজিৰ দিনটোত আৰক্ষীয়ে অধিক তথ্য প্রকাশ কৰা নাই।

আনহাতে, আৰক্ষীয়ে সেই সময়ত প্রকাশ কৰা ঘটনাক্রম অনুসৰি, ঘাতক অভিযুক্তসকলে হাতীগাঁৱৰ ‘গুড্ লাক বেচিডেন্সী’ নামৰ হোটেলত কে’বাদিনো বাহৰ পাতি ভুক্তভোগীৰ চাল-চলন নিৰীক্ষণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ২০২৩ৰ ১৯ জুলাইৰ পৰা হোটেলত বাহৰ পাতি ২৭ জুলাইত হত্যাকাণ্ড সংঘটিত কৰি বৰপেটালৈ উভতি গৈছিল পাঁচজন লোক।

এই পাঁচজনৰ চাৰিজনক সেই সময়তে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আনজন পলাতক তথা মৃত আহেমেদৰ ভতিজাক চাইদুল (চাহিদুল) ইছলামক গ্রেপ্তাৰ কৰে। এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা আগৰ দিনকেইটা অৱসৰপ্ৰাপ্ত অভিযন্তাজনে ঘৰৰ পৰা কেতিয়া ওলায়, কোন পথৰে যায়, মছজিদ গৈ কেতিয়া পায় আৰু কেতিয়া উভতি আহে সকলো দিশ তন্ন তন্নকৈ পর্যবেক্ষণ কৰি হোটেলত বহি সমগ্র হত্যাকাণ্ডৰ পৰিকল্পনা ৰচিছিল উল্লিখিত ঘাতকৰ দলে।

সেই মতে ২৭ জুলাইত পুৱা হোটেলৰ পৰা ভতিজা চাইদুলৰ বগা ৰঙৰ বাহনখনত মুঠ পাঁচজন লোক আহি ঘটনাস্থলীৰ আশে-পাশে অৱস্থান কৰিছিল। বাহনৰ পৰা দুজন নামি গৈ অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ চাল-চলন প্রত্যক্ষ কৰিছিল আৰু ভুক্তভোগীয়ে ঘৰৰ পৰা ওলাই মছজিদলৈ গৈ থকা অৱস্থাত বাহনখন তীব্র গতিৰে চলাই নি লোকজনক খুন্দা মাৰিছিল। বাহনৰ খুন্দাত লোকজন পথত পৰি যোৱাত বাহনৰ পৰা নামি যোৱা দুজনে ৰড আৰু চিপ্ৰাঙৰে আহমেদৰ মূৰত আঘাত কৰি হত্যা কৰিছিল।

Exit mobile version