India is the second largest mobile phone manufacturer in the world:দেশত ইলেকট্র’নিক উদ্যোগৰ উত্থান

বিশ্বৰ দ্বিতীয় সর্ববৃহৎ ম'বাইল উৎপাদক দেশ হিচাপে স্বীকৃত ভাৰত

mobile 1

India is the second largest mobile phone manufacturer in the world:

ভাৰতত ইলেকট্রনিক উদ্যোগৰ দ্রুত প্রসাৰ ঘটিছে। ১০ বছৰ পূর্বে দেশে ইলেকট্রনিক উদ্যোগৰ ক্ষেত্রত যি লক্ষ্য নির্ধাৰণ কৰিছিল, সেয়া সফলতাৰে পূর্ণ কৰিলে। ইন্ডিয়া ছেলুলাৰ এণ্ড ইলেকট্র’নিকছ এছ ‘চিয়েচন (আইটিইএ)ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰত সম্প্রতি বিশ্বৰ দ্বিতীয় সর্ববৃহৎ ম’বাইল উৎপাদনকাৰী দেশত পৰিণত হ’ল ৷

আইডিইএৰ প্রতিবেদনত লগতে উল্লেখ কৰা মতে, ভাৰতে ১০ বছৰত ৪.১ লাখ কোটি টকা মুল্যৰ মুঠ ২.৪৫ বিলিয়ন ম’বাইল ফোনৰ হেণ্ডছেট তৈয়াৰ কৰিলে। ১০ বছৰ পূর্বে ২০১৪-১৫ বর্ষত ভাৰতত উৎপাদিত ম’বাইল ফোনৰ ব্যবসায় আছিল ১৮,৯০০ কোটি টকা। ২০১৪ত ভাৰতে ম’বাইল ফোনৰ ক্ষেত্রত ৭৮ শতাংশ আমদানিত নির্ভৰ কৰিছিল।

সম্প্রতি দেশে ম’বাইল হেণ্ডছেটৰ ক্ষেত্রত ১৭ শতাংশ আত্মনির্ভৰতা অর্জন কৰিলে বুলি আইটিইএৰ প্রতিবেদনত উল্লেখ কৰিছে। ২০১৪-১৫ত ভাৰতৰ ম’বাইল ফোনৰ ৰপ্তানিৰ পৰিমাণ আছিল ১৫৫৬ কোটি টকা। ২০২৪ বৰ্ষত ৰপ্তানিৰ এই পৰিমাণ ১.২ লাখ কোটি টকালৈ বৃদ্ধি পাব বুলি পূর্বানুমানক উল্লেখ কৰা হৈছে। অর্থাৎ এক দশকত ভাৰতত তৈয়াৰী ম’বাইল ফোনৰ ৰপ্তানি ৭৫০০ শতাংশ বৃদ্ধি পালে ৷

Exit mobile version