PM Launches World’s Longest Bi-Lane Tunnel In Arunachal Pradesh:অৰুণাচলত ৮০০কোটি টকাৰ ব্যয়েৰে নিৰ্মিত চেলা সুৰংগ পথ মুকলি প্ৰধানমন্ত্ৰী মোডীৰ

ap main

PM Launches World’s Longest Bi-Lane Tunnel In Arunachal Pradesh:

অৰুণাচল প্ৰদেশৰ ইটানগৰত আজি পুৱা অনুষ্ঠিত ‘বিকশিত ভাৰত বিকশিত উত্তৰ-পূব’ শীৰ্ষক এক বিশাল সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী বিশ্বৰ আটাইতকৈ দীঘল বাই-লেন সুৰংগ চেলা টানেল দেশবাসীৰ বাবে উৎসৰ্গা কৰে ৷

চেলা সুৰংগ উদ্বোধন কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰাৰ লগতে সমান্তৰালভাৱে পূব খণ্ডত ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰে।

অৰুণাচল প্ৰদেশৰ চেলা পাছৰ সিপাৰে টাৱাঙলৈ সংযোগ কৰিবলৈ চেলা টানেল হৈছে এক অভিযান্ত্ৰিক আশ্চৰ্য্য। প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সুৰংগটো দেশৰ বাবেও কৌশলগত গুৰুত্ব আছে। ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে।

অনুষ্ঠানত ভাষণ দি কংগ্ৰেছক টাৰ্গেট কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে সীমান্ত অঞ্চলসমূহ অনুন্নত ৰাখিবলৈ চেষ্টা কৰিছিল। আগতেও চেলা সুৰংগ বনাব পৰা গ’লহেঁতেন, কিন্তু তেওঁলোকৰ উদ্দেশ্য বেলেগ আছিল। আগতে তেওঁলোকে ভাবিছিল যে অৰুণাচলত লোকসভাৰ আসন দুখনহে আছে ৷ এনেক্ষেত্ৰত ইয়াত ইমান কাম কিয় ৷ মই আজি ইয়াৰ পৰা ৰাইজক প্ৰতিশ্ৰুতি দিছো যে আজি প্ৰতিকুল পৰিস্থিতিৰ বাবে মই চেলালৈ যাব নোৱাৰিলো ৷ কিন্ত মোৰ তৃতীয় কাৰ্যকালত চেলালৈ আহিম।’

ইটানগৰৰ বিশাল সভাখনিত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু,কেন্দ্ৰীয় মন্ত্ৰী ক্ষীৰেন ৰিজিজু সহ অৰুণাচলৰ কেবিনেট মন্ত্ৰী- বিধায়ক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে,চুবুৰীয়া দেশ চীনৰ সম্ভাৱ্য চোৰাংচোৱাগিৰিৰ পৰা আঁতৰত থাকি সামৰিক সঁজুলিৰ নিৰৱচ্ছিন্ন গতিবিধিৰ সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা ডিজাইনৰ বাবে চেলা সুৰংগৰ কৌশলগত গুৰুত্ব অপৰিসীম।

১৩ হাজাৰ ফুটতকৈ অধিক উচ্চতাত অৱস্থিত এই সুৰংগটো বিশ্বৰ আটাইতকৈ দীঘল বাই-লেন সুৰংগ হিচাপে বিবেচিত হৈছে ৷

আনহাতে,চেলা সুৰংগে অসমৰ তেজপুৰ আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগী হিচাপে কাম কৰে, যিটো অঞ্চল ঐতিহাসিকভাৱে উল্লেখযোগ্য যদিও পূৰ্বতে অনুপ্ৰৱেশৰ বাবে দুৰ্বল আছিল, বিশেষকৈ ১৯৬২ চনৰ যুদ্ধৰ সময়ত। ৮২৫ কোটি টকা ব্যয়ৰে নিৰ্মিত এই সুৰংগটোৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা আৰু অসামৰিক বাহন উভয়ৰে বাবে বছৰজুৰি গতিশীলতা নিশ্চিত কৰা ৷

বালিপাৰা-চাৰ্ডুয়াৰ-টাৱাং (বিচিটি) পথৰ নেচিফু সুৰংগৰ সৈতে সংযুক্ত চেলা সুৰংগে সামৰিক আৰু অসামৰিক যাতায়ত উভয়ৰে বাবে গতিশীলতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব ৷

Exit mobile version