Birds Prochar Arres In Bihali:আৰক্ষীৰ জালত পৰিভ্ৰমী পক্ষী নিধন কৰা তিনি চিকাৰী

bihali

Birds Prochar Arrested In Bihali:

বিশ্বনাথৰ বিহালীৰ ৰাংচালী দলনিত বিহ দি পৰিভ্ৰমী পক্ষী নিধন কৰা তিনিটাকৈ চিকাৰীক আটক কৰে বনৰক্ষীয়ে ৷

উল্লেখ্য যে,শীত নামি অহাৰ লগে লগে বিহালীৰ ৰাংচালী দলনিত পয়োভৰ হয় বিভিন্ন পৰিভ্ৰমী পক্ষীৰ ৷ কিন্ত একাংশ চোৰাং চিকাৰীয়ে এই পৰিভ্ৰমী চৰাইক বিহ দি নিধন কৰি আহিছিল ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমক সবিস্তাৰে বাতৰি প্ৰকাশ পাচতে তৎপৰ হৈ পৰে বন বিভাগ ৷ আজি বন বিভাগৰ এটা দলে গোপন খবৰৰ ভিত্তিত বিহালীৰ ৰাংচালীৰ পৰা বুবুল শইকীয়া, দাদুক আৰু যোগীবস্তিৰ পৰা বসন্ত প্ৰধান নামৰ চোৰাং চিকাৰী তিনিটাক আটক কৰিবলৈ সক্ষম হয় ৷

Exit mobile version