Nayab Singh Saini won the vote of confidence in the Haryana Assembly:ৰাজ্যপালৰ আস্থাভোটৰ নিৰ্দেশ নতুন মুখ্যমন্ত্ৰীক

হাৰিয়ানা বিধানসভাত আস্থা ভোটত জয়ী নায়াব সিং ছৈনী, ধ্বনি ভোটেৰে নায়ব সিং ছৈনীৰ সংখ্যাগৰিষ্ঠতা প্রমাণ

saini

Nayab Singh Saini won the vote of confidence in the Haryana Assembly:

মঙলবাৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰৰ আকস্মিক পদত্যাগৰ কেইঘন্টামানৰ পাছতে ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নায়াব সিং ছৈনীয়ে। তেওঁৰ স’তে শপত লয় পাঁচ কেবিনেট মন্ত্ৰীয়ে ৷

আনহাতে নতুন মুখ্যমন্ত্ৰীক আজি পুৱা ১১ বজাত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যপালে ৷ সেই অনুসৰি আজি বিধানসভা অনায়াসে ধ্বনি ভোটেৰে নায়াব সিং ছৈনীয়ে সংখ্যাগৰিষ্ঠতা প্রমাণ কৰে ৷ অৰ্থাৎ বিধানসভাত আস্থা ভোটত জয়ী হয় নায়াব সিং ছৈনীয়ে ৷

উল্লেখ্য যে,৯০জনীয়া হাৰিয়ানা বিধানসভাত ছৈনীয়ে ৪৮ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰে । চৰকাৰক সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৪৬ খন আসনৰ।

হাৰিয়ানা বিধানসভাত বিজেপি বিধায়কৰ সংখ্যা ৪১ জন ৷ ইয়াৰোপৰি বিজেপিক সমৰ্থন দিছে ছয়জন নিৰ্দলীয় বিধায়কে৷ যাৰফলত বিজেপিৰ আসনৰ সংখ্যা হয়গৈ ৪৭ ৷

মনকৰিবলগীয়া যে ,ইতিমধ্যে বিজেপিক সমৰ্থন দি অহা জেজেপিয়ে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল ৷ লোকসভাৰ বাবে দলটোৱে বিজেপিৰ পৰা প্ৰয়োজনীয় আসন নোপাৱাত ক্ষুন্ন হৈছিল ৷ হাৰিয়ানা এক উচ্চস্তৰীয় খবৰ অনুসৰি জেজেপিৰ পাঁচ বিধায়কে শীৰ্ঘেই যোগদান কৰিব বিজেপিত ৷

আনহাতে মঙলবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা সদ্য প্ৰাক্তন মনোহৰলাল খট্টৰক লোকসভা নিৰ্বাচনৰ বাবে টিকট দিয়াৰ সম্ভাৱণা আছে।

স্মতৰ্ৱ্য যে,হাৰিয়ানাত লোকসভা আসনৰ সংখ্যা ১০ খন ৷ আগন্তুক নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনত প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ আগবঢ়াৰ সময়তে ৰাজ্য খনৰ মিত্ৰদল জেজেপিয়ে ২ খন লোকসভা আসন বিচাৰিছিল ৷ কিন্ত বিজেপিয়ে এখনো আসন দিয়াৰ বাবে ৰাজি নহ’ল ৷ আনকি বিগত নিৰ্বাচনতো এখনো আসন দিয়া নাছিল ৷ এনেবোৰ কাৰণতে বিজেপিৰে জে এম এমৰ মিত্ৰতা ভংগ হয় ৷

মনকৰিবলগীয়া যে,চলিতবৰ্ষৰ শেষৰ ফালে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এনে প্ৰেক্ষাপটত বিজেপিৰ শীৰ্ষ নেতৃত্বই মনোহৰলাল খট্টৰে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতে ততাতৈয়াকৈ অবিচি সম্প্ৰদায়ৰ নায়াব সিং ছৈনীক মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰে ৷

Exit mobile version