Child kidnapped From Noonmati Recovered in North Guwahati:মহানগৰীৰ নুনমাটিৰ পৰা অপহৃত শিশু উত্তৰ গুৱাহাটীত উদ্ধাৰ

noonmati

Child kidnapped From Noonmati Recovered in North Guwahati:

মহানগৰীৰ নুনমাটিৰ পৰা অপহৃত শিশু অৱশেষত উদ্ধাৰ হ’ল উত্তৰ গুৱাহাটীত ৷ শিশু অপহৰণকাৰীৰ ম’বাইল ফোন ট্রেক কৰি নুনমাটি আৰক্ষীয়ে অতি তৎপৰতাৰে উদ্ধাৰ কৰে শিশুটিক । উল্লেখ্য যে ,মঙলবাৰে শিশুটিৰ সতীয়া পিতৃয়ে অপহৰণ কৰিছিল ৷

স্মতৰ্ৱ্য যে,উদ্থাপিত অভিযোগ অনুসৰি নুনমাটিৰ নিজৰাপাৰ বাসিন্দা ছফিয়া খাতুনৰ পুত্ৰ ছফিকুল ইছলামক সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে মঙলবাৰে অতি কৌশলৰী অপহৰণ কৰিছিল।

শিশুটিৰ মাতৃ ছফিয়া খাতুন কামলৈ যোৱাৰ সুযোগ লৈ সতীয়া পিতৃয়ে সাতবছৰীয়া ছফিকুল ইছলামক অপহৰণ কৰি লৈ যায় ৷

আনহাতে অপহৰণ কৰি নিয়াৰ পাছতে সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে নিজ পত্নীক তেওঁৰ সন্তানক অপহৰণ কৰি নিয়াৰ কথা ম’বাইল যোগে ব্যক্ত কৰাৰ লগতে শিশুটিৰ মুক্তপণ হিচাপে দাবী কৰে ডেৰলাখ টকা ৷

পুত্ৰ ছফিকুল ইছলামক বুধবাৰে সন্ধিয়া ছয় বজাত অপহৰণ কৰা বুলি মাতৃক ফোন কৰি অৱগত কৰে আৰু পুত্ৰ শিশুৰ মুক্তিপণ হিচাপে ডেৰ লাখ টকা দাবী কৰে । দাবী কৰা মতে টকা নেপালে হত্যা কৰাৰ ভাবুকি দিয়ে শিশুটিৰ মাতৃক ৷

ইয়াৰ পাছতে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে স্বামী চৰিফুদ্দিন আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নুনমাটি থানাত ৷ এজাহাৰৰ পাছতে অপহৰণকাৰীৰ সন্ধানত নামি পৰে নুনমাটি আৰক্ষী

অৱশেষত আজি নুনমাটি আৰক্ষীয়ে অপহৰণকাৰী সতীয়া পিতৃৰ ম’বাইল ফোন ট্ৰেক কৰি উত্তৰ গুৱাহাটীত উদ্ধাৰ কৰে শিশুটিক ৷ অৱশ্যে অপহৰণকাৰী চৰিফুদ্দিন আহমেদক আটক কৰিবলৈ সক্ষম নহ’ল ৷ আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত অব্যাহত ৰাখিছে মাৰাথন অভিযান ৷

Exit mobile version