Take his Salary Until the Financial Crisis is Resolved:আর্থিক সংকটত পাকিস্তান !

আর্থিক সংকট দূৰ নোহাৱালৈকে বেতন নলয় নৱ নিযুক্ত পাক ৰাষ্ট্ৰপতিয়ে

JADARI

Take his Salary Until the Financial Crisis is Resolved:

পাকিস্তানৰ নৱ নিযুক্ত ৰাষ্ট্ৰপতি আছিফ আলী জর্দাৰীয়ে ঘোষণা কৰা অনুসৰি ৰাষ্ট্রপতি হিচাপে তেওঁ কোনো বেতন গ্রহণ নকৰে। যেতিয়ালৈকে পাকিস্তানৰ বিত্তীয় সংকটৰ অৱসান নঘটে, সেই দিনলৈকে ৰাষ্ট্রপতি পদত কার্যনির্বাহ কৰাব বাবদ চৰকাৰৰ পৰা জর্দাৰীয়ে কোনো বেতন নোলোৱাৰ সিদ্ধান্ত ল’লে।

উল্লেখ্য যে,যোৱা দেওবাৰে ৬৮ বছৰীয়া জর্দাৰীয়ে পাকিস্তানৰ ১৪ সংখ্যক ৰাষ্ট্রপতি হিচাপে শপত গ্রহণ কৰিছিল। জৰ্দাৰীৰ দল পাকিস্তান পিপ’লছ পার্টিয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে লিখিলে, ‘ৰাষ্ট্রপতিয়ে বিবেকপূর্ণ বিত্তীয় প্ৰৱন্ধনক উৎসাহিত কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ৰাজহৰ বোজা বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত ল’লে।

ৰাষ্ট্রপতিয়ে পাকিস্তানৰ বিত্তীয় পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বেতন গ্রহণ নকৰে।’ উল্লেখ্য যে ২০১৮ বর্ষত পাকিস্তানৰ সংসদে ৰাষ্ট্ৰপতিৰ বেতন ৮,৪৬,৫৫০ টকা নির্ধাৰণ কৰিছিল।

Exit mobile version