Abdul Khaleq Resigns From Congress Party:লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে পুনৰ এপিচিচিত মোক্ষম আঘাত

কংগ্ৰেছ এৰিলে সাংসদ আব্দুল খালেকে

abdul khaleq

Abdul Khaleq Resigns From Congress Party:

দেশৰ লোকসভা নিৰ্বাচনৰ দিন কাইলৈ ঘোষণা কৰিব বুলি আজি নিৰ্বাচন আয়োগে সদৰি কৰাৰ পূ্বে অসম প্ৰদেশ কংগ্ৰেছত পুনৰ এক মোক্ষম আঘাত ৷ কংগ্ৰেছৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পদত্যাগ কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে

ADVERTISEMENT

উল্লেখ্য যে ,বৰপেটাৰ পৰা দলীয় টিকট লাভ কৰাৰ পৰা বঞ্চিত হৈ দল এৰিলে খালেকে ৷ ইতিমধ্যে সাংসদ গৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰ এ আই চি চিৰ সভাপতি
মল্লিকাঅৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি, খালেকে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পদত্যাগ কৰে।

উল্লেখ্য যে,এ আই চি চিয়ে বৰপেটাত প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ মুৰব্বী দ্বীপ বায়নক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ৷

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,খালেকে দুই এদিনতে এআইইউডিএফত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version