Supreme Court Tough on Election Bonds:নিৰ্বাচনী বণ্ডক পুনৰ কঠোৰ সৰ্বোচ্চ ন্যায়ালয়

এছবিআইক বণ্ডৰ নম্বৰ প্ৰকাশৰ নিৰ্দেশ ন্যায়ালয়ৰ

chandra chud

Supreme Court Tough on Election Bonds:

বহুচৰ্চিত নিৰ্বাচনী বণ্ডক লৈ পুনৰ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷ ভাৰতীয় ষ্টেট বেংকক ন্যায়ালয়ৰ প্ৰশ্ন, কি কাৰণত আৰু কিয় বণ্ডৰ নম্বৰ প্ৰকাশ কৰা নাই ? বণ্ড নম্বৰ প্ৰকাশ কৰিবলৈ সকীয়াই দিয়ে ন্যায়ালয়ে নিৰ্দেশ ।

উল্লেখ্য যে,ন্যায়ালয়ে এক নিৰ্দেশনাত কৈছিল যে এছ বি আইয়ে চীল কৰা সকলো তথ্য নিৰ্বাচন আয়োগক দিয়াটো বাঞ্ছনীয় । একেদৰে আয়োগেও চীলত আবদ্ধ সকলো তথ্য আপলোড কৰাৰ লগতে বণ্ড ক্ৰয় আৰু পূঁজি দিয়াৰ তাৰিখো উল্লেখ কৰিব লাগিব ৷

আয়োগৰ এই তথ্যৰ পৰা জানিব পৰা যাব কোন দাতাই কোন কোন ৰাজনৈতিক দলত কিমান বৰঙনি দিছে ৷ উল্লেখযোগ্য,বণ্ড ক্ৰয়ৰ গোচৰৰ পৰৱৰ্তী শুনানি শুক্ৰবাৰে হ’ব লাগিছিল যদিও এতিয়া শুনানি হ’ব ১৮ মাৰ্চতহে ৷

মনকৰিবলগীয়া যে,সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰস্থিতিৰ পাছত নিৰ্বাচনী বণ্ডৰ সকলো তথ্য ৰাজহুৱা কৰিবলৈ এছবিআইক শুক্ৰবাৰৰ দিনটো নিৰ্ধাৰণ কৰিছিল ৷ অৱশ্যে ১৪ মাৰ্চত নিৰ্বাচন আয়োগে ৩৩৭ পৃষ্ঠা আৰু ৪২৬ পৃষ্ঠাৰ দুখন তালিকাত ২২,২১৭ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন লাভৰ সকলো তথ্য দাখিল কৰিছিল ৷

স্মতৰ্ৱ্য যে, দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে দাখিল কৰা প্ৰথম খন তালিকাত আছিল কোনটো ৰাজনৈতিক দলে কোন কোন তাৰিখত কিমান বৰঙনি দিয়াৰ তথ্য ৷আনহাতে দ্বিতীয় খন তালিকাত আছিল কোন কোন কোম্পানীয়ে কোন দিনা বণ্ড কিনিছিল ৷

কিন্ত আচৰিতজনকভাৱে আয়োগৰ দাখিল কৰা তথ্যত উল্লেখ নাছিল কোনটো ৰাজনৈতিক দলে কোনটো কোম্পানীৰ পৰা বৰঙনি লাভ কৰিছিল ৷ একেদৰে তাৎপৰ্যপূৰ্ণ ভাৱে দেশৰ দুই শীৰ্ষ উদ্যোগ গোষ্ঠী ৰিলায়েন্স আৰু আদানী গ্ৰুপে ধন দিয়াৰ তথ্যও উল্লেখ নাছিল ৷

Exit mobile version