Trinamool Congress Has Announced the Names of Four Candidates in Assam অসমত থানবান বিৰোধী ঐক্য !

অসম তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে চাৰি প্ৰাৰ্থীৰ নাম

ripun bora

Trinamool Congress Has Announced the Names of Four Candidates in Assam:

ৰাজ্যৰ বিৰোধী ঐক্যক একপ্ৰকাৰ নস্যাৎ কৰি বিগ ব্ৰাডাৰ কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ বাবে নিজাববীয়াকৈ ১৩ খন আসন ঘোষণা কৰি মাত্ৰ এখন আসন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনোজ্যোতি গগৈলৈ এৰি দিয়াৰ পাছতে ক্ষোভিত হৈ পৰে চিপিএম,তৃণমূল কংগ্ৰেছ৷ ইতিমধ্যে চিপিএমে বৰপেটাত সৰুভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সহ নিজৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল ৷
আনহাতে ,কংগ্ৰেছৰ ১৩জনীয়া প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে থানবান হৈ পৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি চাৰিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে অসম তৃণমূল কংগ্ৰেছে

তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অনুমোদন লাঠ কৰাৰ পিছতে অসমৰ চাৰিটা লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ, বৰপেটা , লখিমপুৰ আৰু শিলচৰৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

ঘোষিত তালিকা অনুসৰি ,কোকৰাঝাত গৌৰী শংকৰ শৰণীয়া, বৰপেটাত ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক আব্দুল কালাম আজাদ, লখিমপুৰত ঘনকান্ত চুতীয়া আৰু শিলচৰ লোকসভা সমষ্টিত কৰিমগঞ্জৰ এআইইউডিএফৰ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাস।

 

Exit mobile version