MP Abdul Khalleqs Press Conference:সাংসদ আব্দুল খালেকৰ সংবাদমেল

পুনৰ সৰব হৈ পৰে ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে, এইখনে মোৰ কংগ্ৰেছ দলৰ অন্তিম সংবাদমেল, বৰপেটাৰ পৰা নিৰ্বাচন নেখেলোঁ, শুক্ৰবাৰে কংগ্ৰেছৰ পৰা কৰিছিল পদত্যাগ

abdul

MP Abdul Khalleqs Press Conference:

শুক্ৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বৰপেটাৰ সাংসদ আব্দুল খালেক আজি এক সংবাদমেলত সৰৱ হৈ পৰে ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে । এই দুই নেতাৰ লগতে ৰকিবুল হুছেইনৰ চৰম দম্ভালি আৰু স্বেচ্ছাচাৰীৰ বাবেই ইতিমধ্যেই কংগ্ৰেছৰ সাতজনকৈ বিধায়কে দলত্যাগ কৰিছে ৷ এইলোকৰ হাতত কংগ্ৰেছ সুৰক্ষিত নহয় ৷ আগন্তুক দিনত আৰু বহুকেইজন বিধায়কে দলত্যাগ কৰাটো ধুৰূপ ৷

কংগ্ৰেছৰ বহু কেইজন নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি খালিকে কয় ,কংগ্ৰেছৰ দলপতি দেবব্ৰত শইকীয়াৰ ঠাইত নুৰুল হুদাক বিধানসভাৰ পিএচি অধ্যক্ষ পতা হ’ল ৷কিন্ত এই সন্দৰ্ভত কংগ্ৰেছৰ কোনেও সেই কথাত মাত নামাতিলে ৷

টিকট ডাঙৰ কথা নহয় ৷ একেদৰে টিকট প্ৰতিবাৰেই এজনে পাব লাগিব বুলি কথা নাই । মই বৰপেটাৰ পৰা নিৰ্বাচন নেখেলো ৷ আনহাতে মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ বাবে কংগ্ৰেছ বিধায়িনী দলপতি দেৱব্ৰত শইকীয়াই মোক বুজনি দিছিল ৷কিন্ত তেওঁৰ কথা কেনেকৈ মানিম বুলি সংবাদমেলত উল্লেখ কৰে আব্দুল খালেকে ৷

দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত খালেকে উস্মাৰে কয় এইখনেই মোৰ কংগ্ৰেছ দলৰ অন্তিম খন সংবাদমেল ৷

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছতএক মোক্ষম আঘাত হানি শুক্ৰবাৰে কংগ্ৰেছৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পদত্যাগ কৰিছিল বৰপেটাৰ সাংসদ গৰাকীয়ে ।

উল্লেখ্য যে ,বৰপেটাৰ পৰা দলীয় টিকট লাভ কৰাৰ পৰা বঞ্চিত হৈ দল এৰিলে খালেকে ৷ ইতিমধ্যে সাংসদ গৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰ এ আই চি চিৰ সভাপতি
মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ।

খালেকে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পদত্যাগ কৰে।

উল্লেখ্য যে,এ আই চি চিয়ে বৰপেটাত প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ মুৰব্বী দ্বীপ বায়নক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ৷

Exit mobile version