Drunk Youths In The Guwahati:নিশা গুৱাহাটীত মহানগৰীত সুৰাসক্ত যুৱকৰ তাণ্ডৱ

মদৰ নিছাত মাতাল হৈ ৰাজপথত খোজকাঢ়ি থকা পথচাৰীক আক্ৰমণ, পলাবলৈ চেষ্টা কৰোতে গুণ্ডাগিৰী কৰা যুৱকক আটক পথচাৰীৰ

YOUTH 1

Drunk Youths In The Guwahati:

নিশা হ’লেই একাংশ সুৰাপায়ী যুৱকৰ গুণ্ডাগিৰী আৰু অতপালি এতিয়া গুৱাহাটী মহানগৰীত নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ সাধাৰণ পথচাৰী ,আবালবৃদ্ধবনিতা আৰু মহিলা- যুৱতীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে উদত্ত সুৰাপায়ীৰ গুণ্ডাগিৰী

কিন্ত এইক্ষেত্ৰত যেন কুম্ভকৰ্ণ নিদ্ৰাত মহানগৰীৰ স্মাৰ্ট আৰক্ষী

দেওবাৰে নিশা মদৰ নিছাত মাতাল হৈ গুণ্ডাগিৰী কৰে এজন যুৱকে ৷উলুবাৰীৰ ৰাজপথত খোজকাঢ়ি গৈ থকা এজন পথচাৰীক বিনা কাৰণত লোকজনক মাৰপিত কৰে সুৰাসক্ত যুৱকজনে।

অৱশেষত পলাবলৈ চেষ্টা কৰোতে কেইজনমানে যুৱকে খেদি খেদি আটক কৰে সুৰাসক্ত যুৱকজনক।

আনহাতে পৰিস্থিতি উত্তপ্ত হয় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সুৰাপায়ী যুৱকজনক আটক কৰে ৷ ধৃত যুৱজনৰ ঘৰ বৰবাৰীত ৷

Exit mobile version