Aap Pressmeet In Guwahati:সংবাদমেলত প্ৰদেশ কংগ্ৰেছক পুনৰ প্ৰত্যাহ্বান আপৰ

কংগ্ৰেছক জবাবদিহি আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ, বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি প্ৰমাণ কৰিবলৈ আহ্বান, কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিত অন্তৰ্ভুক্তিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে

aap

Aap Pressmeet In Guwahati:

সোমবাৰে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী সভাত এজন বাদে আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীকে বিজেপিলৈ নিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

আশ্চৰ্যজনকভাৱে কৰিমগঞ্জত অনুষ্ঠিত দলীয় সভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ বিৰুদ্ধে এনে অপমান জনক মন্তব্য প্ৰকাশ কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত প্ৰদেশৰ ৰহস্যজনক নিৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা এজন প্ৰাৰ্থীৰ বাহিৰে আটাইকেইজনকে বিজেপি দললৈ নিব পাৰে বুলি চাঞ্চল্যকৰ ভাষ্যৰ বিপৰীতে কংগ্ৰেছৰ মৌনতাৰ কাৰণ কি? সচাঁকৈয়ে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি আছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা কংগ্ৰেছৰ নেতৃত্বই এই বিষয়টো স্পষ্ট কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে প্ৰত্যাহ্বান জনায়।

পূৰ্বে ২০২১ চনতো মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰাৰ্থীৰ টিকট তেওঁৰ মতেই হয়। এইবাৰ পুনৰ একেধৰণৰ মন্তব্যই প্ৰদেশ কংগ্ৰেছ আৰু বিজেপিৰ মাজত সম্পৰ্কৰ অভিযোগ স্পষ্ট কৰিছে। কংগ্ৰেছক লক্ষ্য হিচাপে লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য – ‘ এতিয়া বিৰোধী বুলি একো নাই। মাতিলেই তেওঁলোকে বিজেপিত যোগদান কৰিব।’ যদিহে মুখ্যমন্ত্ৰীৰ অভিযোগৰ ভিত্তি নাই, কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে কিয় নিজৰ স্থিতি প্ৰকাশ কৰা নাই?

আনহাতে, ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তুচ্ছ তাচ্ছিল্য কৰি ৰাজ্যখনত বিৰোধী দলৰ অস্তিত্ব নস্যাৎ কৰিব খোজা মুখ্যমন্ত্ৰী গৰাকীৰ গণতন্ত্ৰ বিৰোধী বক্তব্যই আম আদমী পাৰ্টিক হতাশ কৰা বুলি মত ব্যক্ত কৰে দলটোৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। আনহাতে, অসমৰ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপৰ মুখপাত্ৰ গৰাকীয়ে কয়- ‘গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত কংগ্ৰেছ দলে শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপক সমৰ্থন কৰা উচিত আছিল। কিন্তু কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম মানি চলা নাই।

আনহাতে সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি কয় যে এখন গণতান্ত্ৰিক ৰাজ্যত যদি বিৰোধী দলৰ অস্তিত্ব নাথাকে, তেন্তে গণতন্ত্ৰ কিদৰে সুৰক্ষিত হৈ থাকিব?

Exit mobile version