Katahbari Fire:মহানগৰীৰ কটাহবাৰীত বিধ্বংসী অগ্নিকাণ্ড

এটা কপাহৰ গুদামৰ পৰা সূত্ৰপাত হোৱা জুই ভস্মীভূত হয় কে'বাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান, অগ্নিকাণ্ডত বিস্ফোৰিত পাঁচটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ

katahbari fire 1

Katahbari Fire:

মহানগৰীৰ গড়চুকৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড ৷ কটাহবাৰীত পুৱাতে সংঘটিত হোৱা বিধ্বংসী জুয়ে পলকতে আগুৰি লয় এটা তুলা গুদাম সহ কে’বা খনো ব্যৱসায়ীক প্ৰতিষ্ঠান সহ বাসগৃহ ৷ অগ্নিকাণ্ডত বিস্ফোৰিত হয় পাঁচটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷

স্থানীয় লোকে সন্দেহ কৰা মতে, কপাহৰ গুদামৰ পৰা সূত্ৰপাত হোৱা জুয়ে কাষৰীয়া ব্যৱসায়ীক কে’বাখনো প্ৰতিষ্ঠান সহ বাসগৃহ আগুৰি লয় ৷

আনহাতে অগ্নিকাণ্ডৰ ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ কে’বা খনো গাড়ী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় পঞ্চাশ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়ক্ষতি হয় ৷

Exit mobile version