Delhi’s Response to Beijing’s Claim That Arunachal is Part of China:অৰুণাচল চীনৰ অংশ বুলি বেইজিঙৰ দাবীত ক্ষুব্ধ দিল্লীৰ প্ৰত্যুত্তৰ

delhi 1

Delhi’s Response to Beijing’s Claim That Arunachal is Part of China:

চীন সীমান্তৱৰ্তী অৰুণাচলৰ ছেলা গিৰিপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সদ্যসমাপ্ত ভ্ৰমণৰ সময়ত সুৰংগ পথ উদ্বোধন কৰাৰ পাছতে অৰুণাচলক লৈ পুনৰ তৎপৰ হৈ উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখন।

অৰুণাচল চীনৰ ভূখণ্ডৰ অন্যতম অংশ বুলি পুনৰবাৰ দাবী উত্থাপন কৰিছে বেইজিং মহলে। চীনৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্র হাং জীয়াওগাঙে কালি দাবী কৰিছিল যে অৰুণাচল চীনৰ ভূখণ্ডৰ অন্যতম অংশ।

তেওঁ এইবুলিও মন্তব্য কৰিছিল যে ভাৰতে অবৈধভাৱে তথাকথিত অৰুণাচল স্থাপন কৰিছে চীনৰ এই দাবীৰ এদিন পাছতে আজি ভাৰতে বেইজিং মহলৰ এই দাবী নস্যাৎ কৰি স্পষ্ট কৰি দিছে যে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ।

কেন্দ্রীয় বৈদেশিক মন্ত্রণালয়ে বেইজিং মহলক কঠোৰ প্ৰত্যুত্তৰ দি আজি কয়, ‘চীনৰ দাবী সম্পূৰ্ণৰূপে অযুক্তিকৰ। অৰুণাচল প্রদেশক লৈ চীনে ক্রমাগতভাবে যুক্তিহীন কথা কৈ আহিছে। আমি চীনৰ সামৰিক বিভাগৰ শেহতীয়া মন্তব্যসমূহৰ ওপৰত নজৰ ৰাখিছো।’

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী যোৱা ন মাৰ্চত অৰুণাচললৈ গৈ ইটানগৰৰ পৰা ছেলাগিৰিপথৰ ১৩ হেজাৰ ফুট উচ্চতাত অৱস্থিত দ্বিতীয়টো সুৰংগ পথ মুকলি কৰিছিল। তাৰ পাছতে অৰুণাচলক লৈ তৎপৰ হৈ উঠে বেইজিং মহল।

ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্রণালয়ে দাবী কৰিছিল যে জাংনান (অৰুণাচল প্ৰদেশৰ চীনা নাম) চীনৰ ভূখণ্ডৰ অংশ। চুবুৰীয়া ৰাজ্যখনৰ বৈদেশিক মন্ত্রণালয়ৰ পাছত এইবাৰ অৰুণাচলৰ ভূখণ্ডক লৈ তৎপৰ হ’ল চীনা সৈন্যও।

উল্লেখ্য যে যোৱা বছৰ বেইজিং মহলে অৰুণাচলৰ ১১ টা অঞ্চলৰ নাম পৰিৱৰ্তন কৰিছিল, যাৰ ভিতৰত আছিল পাঁচখনকৈ পাহাৰ, দুটাকৈ মালভূমি অঞ্চল, দুটা আৱাসিক অঞ্চল আৰু দুখন নৈ। ইয়াৰ লগে লগে ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে চীনৰ পদক্ষেপক তীক্ষ্ণ সমালোচনা কৰি প্ৰত্যুত্তৰ দিছিল যে চীনে অৰুণাচলৰ যি ১১ টা অঞ্চলৰ নাম সলনি কৰাৰ কথা কৈছে সেইবোৰ ভাৰতীয় ভূ-খণ্ডৰ অবিচ্ছেদ্য অংগ।

তাৰ পূৰ্বেও ২০২৩ৰ আগষ্টত চীন চৰকাৰে ৰাষ্ট্ৰখনৰ মানচিত্ৰত অৰুণাচলক নিজৰ অংশ বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে চীনে অৰুণাচলৰ ভূ-খণ্ডক এতিয়ালৈকে কেতিয়াও ভাৰতীয় ভূ-খণ্ড বুলি স্বীকৃতি দিয়া নাই। চুবুৰীয়া ৰাষ্ট্ৰখনৰ মতে, উত্তৰ-পূব ভাৰতৰ এই প্রদেশখন অধীকৃত তিব্বতৰ দক্ষিণ অংশহে। পূর্বেও চীনে অৰুণাচলৰ বিভিন্ন অংশৰ নাম সলনি কৰিছিল।

Exit mobile version