Finally the Rain Came:অৱশেষত বৰষুণ আহিল !

ৰাজ্যৰ কেইবাখনো জিলাত পুৱাৰে পৰা অব্যাহত কিনকিনীয়া বৰষুণ

wather

Finally the Rain Came:

অৱশেষত বৰষুণ আহিল ৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি কাহিলীপুৱাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ।

গুৱাহাটী মহানগৰী সহ উজনি -নামনিৰ সৰ্বত্ৰে কিনকিনিয়া বৰষুণ অব্যাহত আছে ৷

উল্লেখ্য যে,বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে, ৰাজ্যৰ ১৮খন জিলাত পুনৰ জাৰি কৰিছে হালধীয়া এলাৰ্ট

বুধবাৰৰ পৰা ২৩ মাৰ্চলৈকে ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্তি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আনহাতে, অবিভক্ত কামৰুপ , নামনি অসমৰ নলবাৰী,গোৱালপাৰা,বঙাইগাঁও,দক্ষিণ শালমৰা , কোকোৰাঝাৰ আৰু চিৰাং জিলাত আগন্তুক তিনিদিনত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

উল্লেখ্য যে,এজাক বৰষুণৰ কামনাৰে ৰাজ্যৰ কেতবোৰ স্থানত জনশ্ৰুতি অনুসৰি ৰাইজে আয়োজন কৰিছিল ভেকুলীৰ বিয়া ৷

Exit mobile version