Former Assembly Deputy Speaker Aminul Haque Laskar Joins Congress:গেৰুৱা বসন এৰি কংগ্ৰেছত যোগদান বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ

যোগদান বকোৰ প্ৰাক্তন বিধায়ক গোপী দাস, ৰাজীৱ আহমেদৰ

aminul join congress

Former Assembly Deputy Speaker Aminul Haque Laskar Joins Congress:

মঙলবাৰে বিজেপি দল ত্যাগ কৰা বিজেপিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে বহু সমৰ্থক আজি কংগ্ৰেছত যোগদান কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজিৱ ভৱনত আয়োজিত যোগদান কাৰ্যসূচীত সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ স’তে কংগ্ৰেছত যোগদান কৰে বকোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক গোপী দাস, ৰাজীৱ আহমেদে ৷

উল্লেখ্য যে, এসময়ত কংগ্ৰেছ দলত্যাগ কৰিছিল গোপীনাথ দাসে ৷

যোগদান কাৰ্যসূচীত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং,এপিচিচিৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ,বিধায়ক ৰেকিবুদ্দিন আহমেদ সহ বহু কেই গৰাকী জ্যেষ্ঠ
নেতা ৷

Exit mobile version