50 Rohingya killed after boat sinks off Indonesian Coast:ইণ্ডোনেছিয়াৰ উপকূলত নাও ডুবি ৫০ ৰোহিংগ্যাৰ হ’ল মৃত্যু

r0hingiya

50 Rohingya killed after boat sinks off Indonesian Coast:

ইণ্ডোনেছিয়াৰ আছেহ প্রদেশৰ উপকূলত নৌকা দুর্ঘটনাত ৫০ জন ৰোহিংগ্যা শৰণাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে। উক্ত নৌকাত কমেও ১৫০ জন যাত্রী আছিল।

ADVERTISEMENT

আন্তর্জাতিক সংবাদ মাধ্যমত বাতৰিত উল্লেখ কৰা অনুসৰি, বুধবাৰে পুৱা আছেহ প্ৰদেশৰ পশ্চিম উপকুলৰ কুয়ালা বুবন উপত্যকাৰ পৰা ১৯ কিলোমিটাৰ দূৰত উত্তাল সমুদ্রত এই নৌকা দুর্ঘটনা সংঘটিত হৈছিল।

উদ্ধাৰকাৰীয়ে চাৰি মহিলা আৰু দুই পুৰুষসহ ছজনক উদ্ধাৰ কৰি আশ্রয় কেন্দ্ৰলৈ প্ৰেৰণ কৰে। প্রাথমিক অনুমান অনুসৰি, কমেও ৫০ জন যাত্ৰীৰ এই দুর্ঘটনাত মৃত্যু হ’ল।

Exit mobile version