Dhubri Panbari Firing:ধুবুৰীৰ পাণবাৰীত ভয়ংকৰ অঘটন !

চলন্ত বাছলৈ দুৰ্বৃত্তৰ গুলীচালনা, গুলীবৃদ্ধ বাছ যাত্ৰী

dhubri firing

Dhubri Panbari Firing:

চলন্ত বাছলৈ দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা । এই গুলীচালনাত গুলীবৃদ্ধ হয় এজন বাছ যাত্ৰী ৷ এই ঘটনা সংঘটিত হয় ধুবুৰীৰ পাণবাৰীত ।

প্ৰাপ্ত খবৰ অনুসৰি, ধুবুৰী-কোকৰাঝাৰ জিলা সীমান্তৱৰ্তী পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় পথৰে গৈ থকা ‘ৰাহুল’ নামৰ বাছখনলৈ কোনো অচিনাক্তৰ দুৰ্বৃত্তৰ গুলীবৰ্ষণ কৰে ৷ ফলত খিৰিকী গ্লাছ ভেদি এজন যাত্ৰী গুলীবৃদ্ধ হয় ৷ গুৰুত্বৰ ভাৱে আহত যাত্ৰী গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় ৷

আনহাতে এই গুলীচালনা ঘটনা সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷ সকলো আতংকিত হৈ পৰে ৷ অৱশ্যে কিছু সময়ৰ পিছতে ঘটনাস্থলীত ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আৰম্ভ কৰিছে তদন্ত

কোনে কি উদ্দেশ্যৰে এইদৰে বাছখনৈ গুলীচালনা কৰিলে এই সন্দৰ্ভত আৰক্ষীৰ তদন্তহে সকলো ৰহস্য ভেদ কৰিব ৷

Exit mobile version