Killers shoot at Congress election rally in Manipur:মণিপুৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অঘটন !

কংগ্রেছ প্রার্থী এ কে আৰ্থাৰলৈ লক্ষ্য কৰি দুর্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা

manipur

Killers shoot at Congress election rally in Manipur:

চুবুৰীয়া মণিপুৰত লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো দলে নিৰ্বচনী প্ৰচাৰাভিযান অব্যাহত ৰখাৰ মাজতে কংগ্ৰেছৰ নিৰ্বাচনী সভা এখনত সংঘটিত হয় ভয়ংকৰ অঘটন ।

কংগ্ৰেছৰ আউটাৰ লোকসভা সমষ্টিৰ প্রার্থী এ কে আৰ্থাৰৰ এখন নিৰ্বাচনী সভা চলি থকা সময়তে প্ৰাৰ্থী গৰাকীলৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰে ৷ অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে প্ৰাৰ্থী গৰাকীৰ ৷

উল্লেখ্য যে,উখৰুল বিধানসভাৰ প্ৰাক্তন বিধায়ক এ কে আৰ্থাৰ এইয়া তৃতীয়বাৰৰ দুৰ্বৃত্তৰ ভয়ানক আক্ৰমণ ৷ ইয়াৰ পূৰ্বে আৰ্থাৰ দুর্বৃত্তৰ গুলীচালনাৰ সন্মুখীন হৈছিল ১৮ আৰু ১৯ মার্চতো ৷

আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ওপৰত দুৰ্বৃত্তই একাদিক্ৰমে আক্ৰমণ কৰা কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছ কৰ্মী সকলক ৷

ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী এ কে আৰ্থাৰে প্ৰয়োজনীয় নিৰাপত্তা বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

Exit mobile version