MTR Holds the Record for Making the Longest Dosa in the World:বিশ্বৰ সবাতোকৈ দীঘল ড’ছা তৈয়াৰৰ অভিলেখ এমটিআৰৰ

বাংগালুৰুত ক্ষুদ্ৰ ৰেস্তোৰাঁৰে কৰিছিল ব্যৱসায়ৰ আৰম্ভ

100

MTR Holds the Record for Making the Longest Dosa in the World:

এমটিআৰ ফুডছে বিশ্বৰ সবাতোকৈ দীঘল ড’ছা তৈয়াৰৰ গীনিজ ব’ৰ্ড ৰেকৰ্ড গঢ়িলে। এমটিআৰ- ফুডছে প্রায় ১২৩ ফুট দৈৰ্ঘ্যৰ ড’ছা তৈয়াৰৰে এই অভিলেখ ৰচিলে।

কোম্পানীটোৱে নিজৰ ১০০ সংখ্যক বর্ষপূর্তি উপলক্ষে বিশ্বৰ সবাতোকৈ দীঘল ড’ছা তৈয়াৰৰ পৰিকল্পনা গ্রহণ কৰিছিল। এমটিআৰ ফুডছে কে ‘বাজনো চেফৰ জৰিয়তে এটা দল গঠন কৰি বিশ্বৰ সবাতোকৈ দীঘল ড’ছাখন তৈয়াৰ কৰে।

এই অভিলেখ বাংগালুৰত থকা এমটিআৰৰ কাৰখানাত সম্পন্ন হ’ল। সামাজিক মাধ্যমৰ জৰিয়তে এমটিআৰ ফুডছে অভিলেখৰ তথ্য সদৰী কৰি জনোৱা অনুসৰি, ৰেগী মেথিউৰ নেতৃত্বত চেফৰ এটা দলে তৈয়াৰ কৰা ড’ছাখনৰ দৈর্ঘ্য আছিল ১২৩ ফুট।

এমটিআৰ ফুডছ বাংগালুৰুত ড’ছা প্ৰস্তুতকৰণৰ বাবে বিশেষভাবে পৰিচিত। ১৯২৪ত স্থাপন কৰা এই প্রতিষ্ঠানটো আৰম্ভণিতে এখন ক্ষুদ্ৰ ৰেস্তোৰাঁ আছিল। তিনিজন ভ্রাতৃয়ে বাংগালুৰুৰ লালবাগ ৰোড অঞ্চলত আৰম্ভ কৰা এই ক্ষুদ্ৰ ৰেস্তোৰাঁ বর্তমানে এমটিআৰ ফুডছ নামৰে বিখ্যাত।

১৯৯৪ত কোম্পানীটো দুটা ভাগত ভাগ কৰা হৈছিল। ইয়াৰে এটা ৰেস্তোৰাঁ আৰু আনটো পেকেজড ফুডৰ ব্যৱসায়ৰ বাবে জনপ্ৰিয় হৈ উঠিছিল।

Exit mobile version