ss

Nomination Submit Sarbanandra Sonowal:বিশাল সমদলৰে আজি সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিল

উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

সমদলত সংগ দিয়ে ৰামেশ্বৰ তেলী, অতুল বৰা,কেশৱ মহন্ত উজনিৰ বিধায়কসকল

:আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব৷ ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ ৷

ইতিমধ্যে ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰত বিশাল সভা সম্বোধন কৰি সোনোৱালে এক পদযাত্ৰাত অংশ লয় ৷ সুবিশাল সমদলৰে ৰাওনা হয় জিলা আয়ুক্তৰ কাৰ্যালয়লৈ৷ তাত ৰিটাৰ্ণিং বিষয়া ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷

সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বাসগৃহত ভগৱানৰ আশিস লয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন দাখিলৰ বাবে সংগ দিছে সৰ্বানন্দ সোনোৱালক ৷ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি মুকলি কৰা হয় নিৰ্বাচনী গীত ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কে’বাসহস্ৰাধিক সমৰ্থকৰে শোভাযাত্ৰা কৰি আহি পুৱা ভাগত লখিমপুৰত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে লখিমপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷

Exit mobile version