Maoists clash with security forces in Chhattisgarh:চত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে তয়াময়া সংঘৰ্ষ মাওবাদীৰ

আৰক্ষীৰ গুলীতে নিহত ছয় মাওবাদী

maubadi 1

Maoists clash with security forces in Chhattisgarh:

চত্তীশগড়ৰ বস্তাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বীজাপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে ৰাজ্য খনৰ সীমামুৰীয়া অঞ্চলত কুটাঘাতমূলক কাৰ্য সংঘটিতৰ বাবে সংগোপনে সাজু হৈছে মাওবাদী

মাওবাদীৰ এনে পৰিকল্পনাৰ সম্ভেদ লাভ কৰি আজি বীজাপুৰ জিলাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে চলাই অভিযান ৷ বাচাগুড়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিপুৰভাট্টি গাঁৱৰ ওচৰৰ তালপেৰু নদীৰ কাষত অৱস্থিত বনাঞ্চলত এই অভিযানৰ মাজতে মাওবাদীৰ এটা দলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ৷

দুয়োপক্ষৰ মাজত বহু সময় গুলীগুলিত থিতাতে নিহত হয় ছজনকৈ সশস্ত্ৰ মাওবাদী ৷ নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা কেডাৰো আছে। নিহত মাওবাদী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাৰ অস্ত্ৰ-শস্ত্ৰ সহ বোমা বিস্ফোৰক সামগ্ৰী। মৃত মাওবাদীসকলৰ চিনাক্ত এই পৰ্যন্ত কৰিব পৰা নাই ৷

Exit mobile version