Naba Kumar Sarania: নৱ কুমাৰ শৰণীয়ালৈ উচ্চ ন্যায়ালয়ৰ সকাহ !

লোকসভা নিৰ্বাচনত কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা

sarania

Naba Kumar Sarania:

অৱশেষত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নৱ কুমাৰ শৰণীয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে শৰণীয়াৰ পক্ষত ৷

উল্লেখ্য যে, শৰণীয়াৰ জাতিগত প্ৰমাণ-পত্ৰক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছিল। এই সম্পৰ্কে ৰাজ্য চৰকাৰে এক নিৰিক্ষণ কমিটি গঠন কৰি কমিটিৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে শৰণীয়া বড়ো-কছাৰী মূলৰ নহয়।

ৰাজ্য চৰকাৰে শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰক লৈ গোচৰ তৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ যাৰবাবে লোকসভা নিৰ্বাচনত শৰণীয়া প্ৰতিদ্বন্দ্বীতা কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিছিল ৷ কিন্ত অৱশেষত উচ্চ ন্যায়ালয়ে শৰণীয়াৰ পক্ষতহে ৰায়দান দিয়ে ।

ইয়াৰ লগে লগে কোকৰাঝাৰৰ পৰা নৱ কুমাৰ শৰণীয়াই পুনৰ নিৰ্বাচন খেলিব পাৰিব ।

Exit mobile version