Tezpur:তেজপুৰত মানসিক চিকিৎসালয়ৰ পৰা পলাল কাৰাবন্দী

WhatsApp Image 2024 03 27 at 3.29.08 PM

Tezpur:

এইবাৰ তেজপুৰত চিকিৎসাধীন কাৰাবন্দীৰ পলায়নৰ ঘটনা সংঘটিত হৈছে ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী এজন অভিযুক্তক তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ লৈ যোৱা হৈছিল৷ইয়াৰ পৰাই আচামী জনে পলায়ণ কৰে।

তেজপুৰৰ চানমাৰী অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চোৰ সুমণ কেওট ওৰফে মাংসক নিজ ঘৰতে চুৰি কাৰ্য সংঘটিত কৰা বাবে যোৱা ১৯ ফেব্ৰুৱাৰীত লালমাটি আৰক্ষীয়ে কৰায়ত্ত কৰিছিল। পৰৱৰ্তী সময়ত ২১ ফেব্ৰুৱাৰীত গোচৰ নম্বৰ ৮৯/২৪ অনুসৰি আদালতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে সুমনক।

ইয়াৰ পিচত সুমনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ পৰীক্ষাৰ বাবে নিয়া হয় আৰু ইয়াত চিকিৎসাধীন হৈ থকাৰ সময়ত কালি কাৰাবন্দী সুমনে পলায়ণ কৰিবলৈ সক্ষম হয়।

Exit mobile version