Kejriwal can run government from ED custody: High Court:ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাব পাৰিব কেজৰিৱালে:উচ্চ ন্যায়ালয়

kejriwal 3

Kejriwal can run government from ED custody: High Court:

ইডিৰ জিম্মাৰ পৰাই দিল্লী চৰকাৰ চলাব পাৰিব অৰবিন্দ কেজৰিয়ালে ৷ ‘দিল্লী উচ্চ ন্যায়ালয়ত সুৰজিত সিং যাদৱ নামৰ এজন লোকে দাখিল কৰা পি আই এলৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে আদালতে ৷

উল্লেখ্য যে, ইডিৰ জিম্মাৰ পৰা চৰকাৰ চলোৱাত বাধাৰোপ কৰা আৰু মুখ্যমন্ত্ৰীৰ পৰা অপসাৰিত কৰিবলৈ এক পি আই এলৰ দাখিল হৈছিল আদালতত ৷

আজি উল্লিখিত পি আই এলৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে পি আই এল খন ৷ এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনপ্ৰিত প্ৰিতম সিঙৰ দুজনীয়া খণ্ডপীঠে কয়,ইডিৰ জিম্মাৰ পৰা চৰকাৰ চলোৱাত আইনগত কোনো বাধা নাই ৷ এনেক্ষেত্ৰত কেজৰিয়ালে ইডিৰ জিম্মাৰ পৰা চৰকাৰ চলোৱাত ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে ৷

উল্লেখ্য যে,দিল্লী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ পৰা সাময়িক সকাহ পালে কেজৰিয়ালে ৷

অৱশ্যে এইক্ষেত্ৰত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ ভূমিকা আগন্তুক দিনত লক্ষণীয় হ’ব ৷ যিহেতু দিল্লী এখন কেন্দ্ৰীয় শাসিত ৰাজ্য ৷ ইয়াৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ বিষয় লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত ন্যস্ত থাকে ৷

Exit mobile version