দীৰ্ঘদিন ধৰি কমতাপুৰ ৰাজ্য গঠনৰ দাবীত বহুকেইটা দল-সংগঠনে আন্দোলন কৰি অহাৰ পৰিপ্ৰেক্ষিতত অতি শীঘ্ৰেই কোচবিহাৰক লৈ দেশত এখন নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে । এই কথা দাবী কৰিলে কোচ ৰাজবংশী সম্প্ৰদায়ৰ নেতা অনন্ত ৰায় মহাৰাজে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচয় থকা মহাৰাজে দাবী কৰা অনুসৰি অতি শীঘ্ৰেই কোচ বিহাৰক লৈ এখন নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন হ’ব বুলি গৃহ মন্ত্ৰীগৰাকীয়ে নিশ্চয়তা প্ৰদান কৰিছে । মহাৰাজে কৰা এই ঘোষণাক লৈ এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা আৰম্ভ হৈছে । ইয়াৰ লগতে এই বুলিও দাবী কৰে যে ,সমগ্ৰ বিষয়টোৰ ওপৰত গৃহমন্ত্ৰণালয়ৰ প্ৰস্তাৱক পশ্চিমবংগ চৰকাৰেও সেউজ সংকেত দিছে । অৱশ্যে অসম চৰকাৰে এই বিষয়ে আলোচনা মৰ্মে মতামত দিব বুলি উল্লেখ কৰে মহাৰাজে ।
অসমৰ অবিভক্ত গোৱালপাৰা জিলাকে ধৰি পশ্চিমবংগৰ মালাদহৰ পৰা এই সীমা আৰম্ভ হৈ উত্তৰ দিনাজপুৰ ,দক্ষিণ দিনাজপুৰ ,দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ পৰ্যন্ত এই নতুন ৰাজ্যত অন্তৰ্ভুক্ত হ’ব বুলিও উল্লেখ কৰে । অবিভক্ত গোৱালপাৰাৰ অংশৰূপে গোৱালপাৰা , বঙাইগাওঁ , চিৰাং, ধুবুৰী, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা কোচবিহাৰক কেন্দ্ৰ কৰি গঠন হ’বলগীয়া নতুন এই ৰাজ্যত অন্তৰ্ভুক্ত হ’ব । তেনেক্ষেত্ৰত বিটিআৰৰ এটা অংশও গঠন হ’বলগীয়া ৰাজ্যত অন্তৰ্ভুক্ত হ’ব । ইতিমধ্যে এই নতুন ৰাজ্যখনৰ গঠন প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান জনোৱা বুলিও সদৰি কৰে মহাৰাজে ।






























