Terrorist Arrested In Manipur:মণিপুৰত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ উগ্ৰপন্থী

manipur 1

Terrorist Arrested In Manipur:

লোকসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী বিৰোধী ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে ৷ এই অভিযানত গ্ৰেপ্তাৰ হয় চাৰি দুৰ্ধষ উগ্ৰপন্থী ৷

ৰাজ্য খনৰ বিষ্ণুপুৰ জিলাৰ আইভি ৰোডত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অৰ্তকিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইউ এন এল এফৰ চাৰিজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক

ধৃত উগ্ৰপন্থী কেইজন হ’ল পুখৰেম ইংগোচা সিং , থকচোম টেম্বা ওৰফে ৱাখেইবাচালাম ,ৰমেশ্বৰ সিং, টংব্ৰম জ্ঞানজিৎ সিং উৰফে চিংলেন ছানা |

ধৃত উগ্ৰপন্থী কেইজনৰ পৰা জব্দ কৰা হয় তিনিটা এছ এল আৰ ৰাইফল, চাৰিটা খালী মেগজিন, ২০ ৰাউণ্ড সক্ৰিয় গুলি, এটা টা ৱাকি টকি চেট, দুখন বাহন সহ আন কেতবোৰ আপত্তিজনক নথিপত্ৰ ।

উল্লেখ্য যে,ইউ এন এল এফৰ চাৰি উগ্ৰপন্থীয়ে বিষ্ণুপুৰৰ মইৰাং থোয়াৰ পৰা ট্ৰংলাওবিলৈ চাৰিচকীয়া বাহনৰে গৈ থকা সময়তে আৰক্ষীয়ে আগুচি ধৰি গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version