Kangana Ranaut’s Controversy,Supriya Was Dropped From Congress Candidate List:কংগনাৰে বিতৰ্কৰ পৰিণতি

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

WhatsApp Image 2024 03 29 at 7.19.33 PM

Kangana Ranaut’s Controversy,Supriya Was Dropped From Congress Candidate List:

কথাতে বঁটা পায়,কথাতে কটা যায় ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল কংগ্ৰেছৰ প্রাৰ্থিত্ব প্ৰত্যাশী তথা জ্যেষ্ঠ নেত্ৰী এগৰাকীৰ ক্ষেত্ৰত ৷

হিমাচল প্রদেশৰ মণ্ডিত বলিউড অভিনেত্রী কংগনা ৰাণাৱতে বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ পাছত সামাজিক মাধ্যমত কংগনাৰ সন্দৰ্ভত আপত্তিকৰ মন্তব্য কৰিছিল কংগ্ৰেছ প্রাৰ্থিত্ব প্ৰত্যাশী তথা জ্যেষ্ঠ নেত্ৰী সুপ্রিয়া শ্রীনাথে।

কংগনাক লৈ কৰা আপত্তিকৰ মন্তব্যৰ সন্দৰ্ভত বুধবাৰে নির্বাচন আয়োগে সুপ্রিয়ালৈ কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। আজি কংগ্ৰেছে দলৰ প্ৰাৰ্থী তালিকাৰ পৰা নাম কৰ্তন কৰিলে সুপ্ৰিয়াৰ।

প্ৰকাশিত বাতৰি অনুসৰি, আপত্তিকৰ মন্তব্য প্ৰকাশৰ কাৰণতে কংগ্ৰেছে পূৰ্বে প্ৰদান কৰা প্ৰাৰ্থিত্বৰ পৰা সুপ্ৰিয়াক বঞ্চিত কৰিলে। ২০১৯ত লোকসভাত উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ পৰা সুপ্রিয়াই প্রতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপি প্রার্থীৰ হাতত পৰাজিত হৈছিল।

এইবাৰৰ নিৰ্বাচনতো তেওঁৰ উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছিল যদিও কংগ্রেছে সুপ্ৰিয়াৰ নাম কৰ্তন কৰি মহাৰাজগঞ্জত বীৰেন্দ্ৰ চৌধুৰীক প্রার্থিত্ব প্রদান কৰিলে।

Exit mobile version