Prominent Citizen Chandrakanta Saikia Passes Away:বিশিষ্ট নাগৰিক চন্দ্ৰকান্ত শইকীয়াৰ দেহাৱসান

chandrakanta

Prominent Citizen Chandrakanta Saikia Passes Away:

মহানগৰীৰ হাতীগাঁও শংকৰ পথ নিবাসী তথা বিশিষ্ট নাগৰিক চন্দ্ৰকান্ত শইকীয়াৰ(৭৪) দেহাৱসান ৷ বহুদিন ধৰি বহুমুত্ৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল শইকীয়া ৷ কিন্ত আজি নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে ৷

নগাঁৱৰ নিজ ধিঙত জন্ম লাভ কৰা শইকীয়া অসম চৰকাৰৰ বিত্ত বিভাগৰ উপ- সচিব ৰূপে নিয়োজিত থাকি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে আৰু হাতীগাঁৱতে নিগাজীকৈ থাকিব লয় ৷ শইকীয়া হাতীগাওঁ শংকৰ পথৰ বহু কেইটা অনুষ্ঠান- প্ৰতিষ্ঠানৰ স’তে জড়িত আছিল ৷

আনহাতে,শইকীয়াৰ বিয়োগৰ খবৰ পোৱা পিছতে তেওঁৰ বাসগৃহত বিভিন্ন সংগঠন – গুণমুগ্ধ উপস্থিত হৈ নশ্বৰদেহত গভীৰ শ্ৰদ্ধাঞ্জলী জনায় ৷ আবেলি শইকীয়াৰ নশ্বৰদেহ মহানগৰীৰ নৱগ্ৰহ শ্মশানত শেষকৃ্ত্য সম্পন্ন কৰা হয় ৷

শইকীয়াই মৃত্যুৰ সময়ত পত্নী ,দুই পুত্ৰ,এগৰাকী জীয়ৰী- নাতিনী সহ আত্মীয়সৰ্জন ইহসংসাৰত এৰি যায় ৷

Exit mobile version