Orchid Garden in Kaziranga Attracts Tourists:কাজিৰঙাৰ অৰ্কিড উদ্যানে আকৰ্ষণ কৰিছে পৰ্যটকক

akid 2

Orchid Garden in Kaziranga Attracts Tourists:

সম্ভাৱনাৰ বতৰা লৈ আকৌ আহিছে হেঁপাহৰ ব’হাগ। ব’হাগৰ প্রাকক্ষণত নানাৰঙীন ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে কাজিৰঙা জাতীয় অর্কিড উদ্যান। বিহুৰ প্রাকমুহূৰ্তত ফুলেৰে উপচি পৰা অর্কিড উদ্যানত ভিৰ পৰ্যটকৰ। কাজিৰঙাৰ জাতীয় অর্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পাছত সিপাহকৈ দুষ্প্রাপ্য প্রজাতিৰ নানাৰঙী অর্কিড। যাৰ বাবে উদ্যানখৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উছাহ। অর্কিড ‘উদ্যানৰ অর্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই প্রাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পর্যটকৰ।

উল্লেখ্য যে মার্চ-এপ্রিলৰ এই সমস্তে ফুলে উদ্যানখনত থকা ৭০-৮০ শতাংশ অর্কিড। আটাইতকৈ সৰু অর্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈ উদ্যানখনৰ সকলো অর্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে। উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আবদান আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্রতিটো দুষ্প্রাপ্য অর্কিডৰ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে প্রতিপাহ অর্কিডে। ব’হাগৰ প্ৰাকৃক্ষণত এনে দুশাই যেন মুখত হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ। প্ৰতিজন লোককে অর্কিড উদ্যান দর্শন কৰাৰ বাবে নিমন্ত্রণ জনাইছে অখিল গগৈয়ে

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অর্কিড উদ্যান। গোলাঘাট জিলাৰ দুর্গাপুৰ গাঁৱত প্রায় একৰ অঞ্চলত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুহুণে বৃদ্ধি কৰিছে। উদ্যানাখনত ৫০০ বিধ বনৰীয়া অর্কিড, ১৩২ টা প্ৰজাতিৰ টেঙা ফল আৰু শাক-পাচলি, ৪৬ বিধ বাঁহ, ১২টা প্রজাতিৰ বেঁত আৰু আন বহুতো উদ্ভিদৰ লগতে বিভিন্ন প্রজাতিৰ স্থানীয় মাছ আছে।

পৃথিৱীত প্রায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে যাৰ ভিতৰত ভাৰতত প্রায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্রায় ৮৫০টা প্রকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্রজাতি পোৱা যায়। পৃথিবীত প্রায় ৩৫০০০ প্ৰকাৰৰ অর্কিড আছে; যাৰ ভিতৰত ভাৰতত প্রায় ১৩১৪ টা প্রকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্রায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্রজাতি পোৱা যায়।

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র উদ্যান হৈছে উত্তৰ-পূব ভাৰত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৬০০ তকৈও অধিক প্রজাতিৰ বন্য অর্কিডৰ বাসস্থান। দর্শনাৰ্থীসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাবলৈ প্রাকৃতিক পৰিবেশ প্ৰদান কৰাৰ বাবে এই ধুনীয়া অর্কিডসমূহ সমূহ বন্য অৱস্থাৰ মাজত ৰখা হৈছে।

Exit mobile version