Transport Department Collected Rs 200 Crore In Guwahati:জৰিমনা আদায়ৰ লক্ষ্য, শ শ দুঘটনা বৃদ্ধি

গুৱাহাটীত দুশ কোটি সংগ্ৰহ, দুঘটনা ৰোধৰ সজাগতাৰ পাছতো ২০২১-২০২২ৰ তুলনাত বৃদ্ধিহে পালে মৃত্যুৰ সংখ্যা, চলিত বৰ্ষৰ কেৱল ফেব্ৰুৱাৰীতে ৬২১টা দুর্ঘটনাত কমেও তিনিশজনৰ মৃত্যু

accident

Transport Department Collected Rs 200 Crore In Guwahati:

চৰকাৰ ৰাজহ আৰু জৰিমনা আদায়ত ব্যস্ত থকাৰ বিপৰীতে প্ৰতি বছৰে শ শ দুর্ঘটনা বৃদ্ধি পাইছে অসমত। বিগত বৰ্ষসমূহৰ দৰেই ২০২৩ বৰ্ষতো ৰাজ্যত পথ দুর্ঘটনাত প্রাণ হেৰুৱালে ৩,২৯৮ জন লোকে।

আনহাতে, উক্ত বর্ষত সংঘটিত ৭,৪৩২ টা পথ দুর্ঘটনাত ৫,৯১০ জন লোক আহত হয় বুলি পৰিবহণ বিভাগে সদৰী কৰিছে। উল্লেখ্য যে ৰাজ্যত প্রতিবছৰে সংঘটিত পথ দুর্ঘটনাত কে’বা হেজাৰ লোকে অকাল মৃত্যুক সাৱটি লয়। পৰিবহণ বিভাগে ইয়াৰ অন্যতম কাৰণৰূপে সুৰাসক্ত হৈ তীব্র গতিত যান-বাহন চলোৱা বুলি চিহ্নিত কৰি আহিছে।

ড: হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পাছতে ৰাজ্যখনত দুর্ঘটনা প্রতিৰোধ কৰাৰ লগতে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিশেষ নির্দেশনা জাৰি কৰিছিল। সেই মর্মে পৰিবহণ বিভাগকে ধৰি আৰক্ষী প্রশাসন ৰাজ্যজুৰি সষ্টম হৈ পৰিছিল। আইন ভংগকাৰী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীৰ লগতে পৰিবহণ বিভাগ।

প্রতিটো উৎসৱ-পার্বণৰ সময়তো দুর্ঘটনা প্রতিৰোধৰ নামত অধিক সষ্টম হৈ পৰা আৰক্ষী-পৰিবহণ বিভাগে আইন ভংগকাৰীৰ পৰা লাখে লাখে টকা জৰিমনা সংগ্রহ কৰিছিল। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত পৰিবহণ বিভাগে দুর্ঘটনা প্ৰতিৰোধৰ নামত বিভিন্ন সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰিছিল;

কিন্তু পৰিবহণ বিভাগে জৰিমনা সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ’ল যদিও দুর্ঘটনা প্রতিৰোধত কোনো প্রভাৱনপৰিল। স্বয়ং পৰিবহণ বিভাগে সদৰী কৰা তথ্য পোহৰলৈ আহিছে যে ২০২১ আৰু ২০২২ বৰ্ষৰ তুলনাত ২০২৩ত ৰাজ্যত দুর্ঘটনাৰ সংখ্যাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পালে।

উল্লেখ্য যে ২০২১ত ৰাজ্যত ৭.৪১১টা পথ দুর্ঘটনাত ৩,০৩৬ জনে প্রাণ হেৰুৱাইছিল। একেদৰে ২০২২৩ ৭,০২৩টা পথ দুর্ঘটনাত ২,৯৯৪ জনে প্রাণ হেৰুৱায়। ২০২২ৰ তুলনাত ২০২৩ বর্ষত বৃদ্ধি পায় ৪০৯টা দুর্ঘটনা। একদৰে উল্লিখিত বর্ষতকৈ ২০২৩৩ ৩০৪ জনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে। একেদৰে ২০২৩ত ৰাজ্যত সংঘটিত মুঠ ৭,৪৩২টা পথ দুর্ঘটনাত আহত হৈছে ৫,৯১০ জন লোক। একেদৰে চলিত তথা ২০২৪ত দুর্ঘটনাত ৫০৭ জন লোক আহত হোৱাৰ লগতে ফেব্রুৱাৰীত সংঘটিত ৬২১টা পথ দুর্ঘটনাত তিনিশজনে প্রাণ হেৰুওৱাৰ তথ্য সদৰী কৰিছে পৰিবহণ বিভাগে।

সমান্তৰালভাৱে ২০২৩ বর্ষত কামৰূপ মহানগৰ পৰিবহণ বিভাগে নগদ জৰিমনা সংগ্রহ কৰে ১০৬ কোটি ৮৫ লাখ ৬৭ হেজাৰ টকা। একেদৰে ই-চালানৰ জৰিয়তে ৯৫ কোটি দুই লাখ ৬৩ হেজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ উপৰি চলিত বর্ষৰ প্রথম তিনি মাহত দুই কোটি সাত লাখ টকাৰ জৰিমনা সংগ্ৰহৰ তথ্য সদৰী কৰিছে সংশ্লিষ্ট বিভাগে।

ফলত উল্লিখিত তথ্যই স্পষ্ট কৰিছে যে যি উদ্দেশ্যে ৰাজ্যজুৰি পৰিবহণ বিভাগ আৰু আৰক্ষী সষ্টম হৈ আইন ভংগকাৰীক জৰিমনা বিহিছিল তথা কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল, তাত সফলতা লাভ নকৰিলেও জৰিমনা সংগ্ৰহত অভিলেখ ৰচিলে। দিশটোৱে ব্যাপক চর্চা লাভ কৰিছে।

আনহাতে, ৪৭০ কোটিৰো অধিক ৰাজহ সংগ্ৰহৰ সম্পর্কে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে প্ৰেৰণ কৰা এক প্রেছ বার্তাত উল্লেখ কৰিছে যে ইমান বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰি তেওঁলোকে পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰিছে।

তথ্যত প্রকাশ যে কার্যালয়টোৱে ২০২২-২০২৩ বিত্তীয় বর্ষত ৩৬৪ কোটি ৯৪ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিছিল। ২০২৩-২০২৪ বিত্তীয় বৰ্ষত তেওঁলোকে ১০৬ কোটি অধিক ৰাজহ সংগ্ৰহ কৰি মুঠ বার্ষিক ৰাজহ সংগ্ৰহৰ পৰিমাণ ৪৭০ কোটি ১০ লাখ টকালৈ বৃদ্ধি কৰিলে বুলি সদৰী কৰিছে।

Exit mobile version