Higher Secondary School:অনুমতিবিহীন বহু উচ্চতৰ মাধ্যমিক বিদ্যালয় চলিছে

নতুন শিক্ষাবর্ষত নামভর্তিত নিষেধাজ্ঞা আৰোপ

ahsec

Higher Secondary School:

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা অনুমতি লাভ নকৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক নামভৰ্তি কৰিব নোৱাৰিব।

ADVERTISEMENT

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই নির্দেশনা জাৰি কৰিছে। নির্দেশনাটো উল্লেখ কৰা হৈছে যে এনে শিক্ষানুষ্ঠানবোৰক নামভৰ্তিৰ পৰা বিৰত ৰাখিবলৈ ‘দর্পণ’ প’র্টেলতো ব্যৱস্থা গ্রহণ কৰা হ’ব। সেই অনুসৰি প’ৰ্টেলৰ পৰা সংশ্লিষ্ট শিক্ষানুষ্ঠানবোৰক বাদ দিয়া হ’ব।

অৱশ্যে যিসমূহ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ স’তে অনুমতিৰ বাবে শিক্ষা সংসদত আবেদন কৰিছে, তেওঁলোকৰ তথ্যসমূহ পৰীক্ষা কৰি সঠিক হ’লে নামভৰ্তিৰ বাবে অনুমতি প্রদান কৰা হ’ব পাৰে বুলি নির্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য এনে বহু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰাজ্যত চলি আছে যিবোৰে প্রয়োজনীয় অনুমতি আজিলৈকে লোৱা নাই। অভিযোগ অনুসৰি অনুমতি পাবলৈ হ’লে এখন শিক্ষানুষ্ঠানে অৰ্হতাৰ বহু চৰ্ত পূৰণ কৰিব লাগে। তেনে চর্তক আওকাণ কৰি বহু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান যোগ্যতা অবিহনে চলি আহিছে।

Exit mobile version