Jayshree Das Burma has been Elected as New President of FICCI FLO:ফিকি মহিলা সংস্থা'(FICCI FLO )ৰ নতুন সভাপতিৰ পদত নিৰ্বাচিত হ’ল জয়শ্ৰী দাস বাৰ্মা

ফিকি এফ এল অ' নৰ্থ ইষ্ট চেপ্তাৰৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয় শ্বেতা জিন্দাল

joisri

Jayshree Das Burma has been Elected as New President of FICCI FLO:

আগন্তুক ২০২৪-২৫ বৰ্ষৰ বাবে দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি মহিলা নেতৃত্বাধীন আৰু মহিলাকেন্দ্ৰিক ব্যৱসায়িক চেম্বাৰ ফিকি এফ এল অ’লেডিজ অৰ্গেনাইজেশ্যন (এফএলঅ’)ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জয়শ্ৰী দাস বাৰ্মাই।

কৰ্পৰেট আৰু উদ্যোগ খণ্ডত বিগত ২৫ বছৰীয়া যাত্ৰাত জয়শ্ৰী দাস ভাৰ্মাই এক বৈচিত্ৰময় পেছাদাৰীৰ ভূমিকা পালন কৰি আহিছে। উল্লেখ্য যে, তেওঁ উত্তৰ-পূব ভাৰতৰ বাবে ইজৰাইলৰ সন্মানীয় কনছুলৰ পদত অধিষ্ঠিত হোৱাৰ লগতে কাপ্ৰো মেনেজমেণ্ট ছলিউচনছ প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা, তদুপৰি তেওঁৰ প্যান-ইণ্ডিয়া উদ্যোগী এইচ আৰ কনছালটিং কোম্পানীৰ তেওঁ সহ-প্ৰমোটাৰ।

উত্তৰ-পূব ভাৰতত ইজৰাইলৰ সন্মানীয় কনছুল হিচাপে জয়শ্ৰী দাস ভাৰ্মাই ভাৰত আৰু ইজৰাইলৰ মাজত কৌশলগত সম্পৰ্ক আগুৱাই নিয়া আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সমগ্ৰ আঠখন উত্তৰ পূব ৰাজ্যতে কৃষি, জল, তথ্য-প্ৰযুক্তি, প্ৰযুক্তি, স্বাস্থ্য, উদ্ভাৱন, পৰ্যটন আৰু বাণিজ্য আদি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁ কয়, “মই ফিকি এফএলঅ’ৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সভাপতি হিচাপে নেতৃত্ব দিবলৈ সক্ষম হৈছো। ”সামূহিক দৃষ্টিভংগী, ২০২৪-২৫ বৰ্ষৰ বাবে সহযোগিতামূলক কাৰ্য্য”- বিষয়বস্তুৰ অধীনত আমাৰ প্ৰচেষ্টা হৈছে বহনক্ষম অগ্ৰগতিৰ বাবে উৎসৰ্গিত এক শক্তিশালী, অন্তৰ্ভুক্ত সম্প্ৰদায় গঢ়ি তোলা, ব্যক্তিগত বৃদ্ধিৰ পোষকতা কৰা, আৰু প্ৰভাৱশালী পৰিৱৰ্তনক প্ৰেৰণা যোগোৱা,” ।

নতুন দিল্লীৰ ফিকি হাউচত অনুষ্ঠিত এক অনুষ্ঠানত ফিকি এফএলঅ'(FICCI FLO )উত্তৰ-পূব চেপ্তাৰৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে শ্বেতা জিন্দালে। শ্বেতা জিন্দল গুৱাহাটীৰ এগৰাকী আগশাৰীৰ উদ্যোগী মহিলা । ইয়াৰ উপৰিও বেচৰকাৰী সংস্থা আৰ্ট অৱ লিভিঙৰ জ্যেষ্ঠ শিক্ষক। তেখেতে এটা হেপিনেছ চেণ্টাৰ চলাই নিয়াৰ উপৰিও তেওঁ এগৰাকী পেছাদাৰী আৰ্ট কিউৰেটৰ আৰু তেওঁৰ নিজাকৈ এটা আৰ্ট গেলেৰী আছে। য’ত তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত কলাৰ হস্তশিল্প আৰু আচবাবসমূহ ৰাখে।
২০২৪-২৫ চনৰ কাৰ্যকালৰ বাবে একাধিক অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে, যিয়ে এফ এল অ’ ক মহিলা সবলীকৰণৰ লক্ষ্যৰ দিশত আৰু অধিক আগবাঢ়ি যোৱাত সহায় কৰিব। এই অনুষ্ঠানসমূহে বিভিন্ন খণ্ডৰ মহিলাসকলৰ বাবে নেটৱৰ্কিং, দক্ষতা বিকাশ, আৰু উদ্যোগীকৰণ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Exit mobile version