20 Years Rigorous Imprisonment:নাবালিকা ধর্ষণত অভিযুক্তক ২০ বছৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা তেজপুৰত

tezpur 2

20 Years Rigorous Imprisonment:

এগৰাকী নাবালিকাক এবছৰ পাঁচমাহ পূর্বে বলাৎকাৰ কৰা সঞ্জীৱ সিঙক সাক্ষ্য প্রমাণৰ অন্তত তেজপুৰস্থিত অতিৰিক্ত জিলা ন্যায়াধীশ তথা বিশেষ শিশু যৌন নির্যাতন নিদান আইন চমুকৈ পক্স’ ন্যায়াধীশ ৰঞ্জু মেধিয়ে ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৩০ হেজাৰ টকা জৰিমনা অনাদায়ে অতিৰিক্ত তিনিমাহ কাৰাদণ্ড বিহে।

আজি বিশেষ লোকঅধিবক্তা শৈবালকান্তি মৈত্রই গোচৰ সন্দৰ্ভত সদৰী কৰি কয় যে ২০২২ৰ চাৰি নৱেম্বৰত তল গেৰেকী বালিচাপৰিত নিৱাসী নিহাৰ সিঙৰ পুত্ৰ সঞ্জীৱ সিঙে (২৬) ১৪ বছৰীয়া ছাত্ৰীগৰাকী বিদ্যালয়লৈ তেজপুৰ কলেজৰ শ্বেখাৱট আলী নামৰ লোকজনৰ ই-ৰিক্সাৰে যাবলৈ লোৱাৰ সময়ত কাষতে ৰৈ থকা সঞ্জীৱে ভগ্নীসদৃশ ছাত্ৰী গৰাকীক শীতল পানীয় খাবলৈ দিয়ে।

এই শীতল পানীয়ত কোনো দ্রব্য মিহলাই দিয়াত ছাত্ৰীগৰাকী অচেতন হৈ পৰে। ইয়াৰ পাছতে সেই ই-ৰিক্সাৰে ঔগুৰি টকলা পাহাৰলৈ নি ছাত্ৰীগৰাকীক উপর্যুপৰি ধৰ্ষণ কৰে। পাছত এই ধৰ্ষণকাৰীয়ে একেখন ই-ৰিক্সাৰে আনি লাচিত চ’কত ছাত্ৰীগৰাকীক নমাই দিয়ে। কিশোৰীগৰাকীৰ শাৰীৰিক দুর্বলতা প্রত্যক্ষ কৰি অভিভাৱকে প্রশ্ন কৰাত কিশোৰী ছাত্রীয়ে সমস্ত ঘটনা প্রকাশ কৰে।

পাছত এই জঘন্য কাণ্ডৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত কিশোৰীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পঞ্জীয়ন হোৱা ১১৪৪/২২ গোচৰ আৰু ৩৭৬, ১০৯ ধাৰা অনুসৰি সঞ্জীৱ সিং আৰু ই-ৰিক্সা চালক শ্বেখাৱট আলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে, মহিলা তদন্তকাৰী বিষয়া ঝর্ণা গগৈয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰাৰ লগতে ঔগুৰি পাহাৰত পেলোৱা সামগ্রী, কিশোৰীগৰাকীৰ কাপোৰ আদি ফৰেনচিক লেব’ৰেটৰীত পৰীক্ষাৰ অন্তত ২০২৩ৰ ২৮ মাৰ্চত অভিযোগনামা দাখিল কৰে।

উক্ত অভিযোগনামাৰ ভিত্তিত আদালতে ২৫/২৩ গোচৰৰ ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬, পক্স’ ৪ ধাৰাত বিচাৰ প্ৰক্ৰিয়া চলায়। এজাহাৰকাৰীৰ হৈ বিশেষ লোকঅধিবক্তা শৈবালকান্তি মৈত্রই আইনী সহায় প্ৰদান কৰি আঠজনৰ সাক্ষ্য গ্রহণ কৰাৰ উপৰি আৰক্ষীয়ে দাখিল কৰা নথিপত্ৰ আৰু ফৰেনচিক লেব’ৰেটৰীৰ প্ৰতিবেদনৰ ভিত্তিত সঞ্জীৱ সিঙক দোষী সাব্যস্ত কৰি পক্স’ আদালতে কালি ৰায় প্ৰদান কৰে।

ইপিনে, জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ভুক্তভোগী কিশোৰীক দুই লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে কিশোৰীগৰাকীক লম্পট সঞ্জীৱৰে স’তে পাহাৰখনৰ সমীপত থোৱাৰ পাছত ই-ৰিক্সাসহ চালকজন গুচি আহিছিল আৰু পাছত পূৰ্বৰে পৰা চিনাকি সঞ্জীৱে একেজন ই-ৰিক্সা চালককে তালৈ মাতি পঠিয়াইছিল। ই-ৰিক্সা চালকজন এই জঘন্য ঘটনাৰে জড়িত নাছিল বুলি নাবালিকাগৰাকীয়ে দিয়া ভাষ্যৰ ভিত্তিত অৱশ্যে ই-ৰিক্সাচালকজনক দোষমুক্ত ঘোষণা কৰা হয়।

Exit mobile version